তিনিচুকীয়া, 10 আগষ্ট: কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ? 11 টাকৈ দিন অতিক্ৰম কৰাৰ পিছতো ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰচণ্ড গৰমত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে কেইবাটাও বানাক্ৰান্ত পৰিয়াল(Rehabilitation of flood victims) ।
জিলাখনত অব্যাহত আছে কৰ্দৈগুৰিৰ বান বিধ্বস্ত 24 টা পৰিয়ালৰ সংস্থাপনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী (Mundan Programme)৷ বৃহস্পতিবাৰে ডুমডুমাত ভূমিহীন পৰিয়ালক অতিশীঘ্ৰে সংস্থাপন দিয়াৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই ৰূপায়ণ কৰে মুণ্ডন কাৰ্যসূচী (Moran Student Association protest against of Rehabilitation of Kordoiguri flood victims)৷
প্ৰতিবাদকাৰীসকলে কয়, "নিজৰ ভূমিত, নিজৰ চোতালত, নিজৰ ঘৰত, নিজৰ পানীত যেতিয়া অধিকাৰ নাথাকে, নিজৰ জীৱন সুনিশ্চিত নহ’ব তেনেকুৱা এখন ৰাজ্যত বসবাস কৰাটো অতি দুৰ্ভাগ্যজনক ৷ অনতি পলমে দুৰ্ভগীয়া পৰিয়াল কেইটাৰ সংস্থাপনৰ দাবী জনাইছো ৷ অসম চৰকাৰ আজিৰ তাৰিখত এশ শতাংশই ব্যৰ্থ ৷ জাতি, মাটি, ভেটিৰ শ্ল'গান আজিৰ সময়ত কেৱল শ্ল'গানতে সীমাবদ্ধ ( protest against of Rehabilitation of Kordoiguri flood victims)। "
উল্লেখ্য যে, 1992 চনৰ পৰাই বান-গৰাখহনীয়াৰ কৱলত পৰি আশ্ৰয়হীন হোৱা প্ৰায় 600 তকৈও অধিক পৰিয়ালে অঘৰীৰ দৰে জীৱন-যাপন কৰি আহিছে । কিন্তু শেহতীয়াকৈ কৰ্দৈগুৰিৰ 24 টা পৰিয়ালক চৰকাৰে সংস্থাপনৰ বাবে 1 বিঘাকৈ ভূমি আৱণ্টন দিছিল যদিও সেই ভূমিৰ পৰা ৰূপক দত্ত নামৰ এজন লোকে অতি অমানৱীয়ভাৱে খেদি পঠিয়াইছিল । যাৰ ফলশ্ৰুতিত উপায়ন্তৰ হৈ বিগত 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গনত আশ্ৰয় শিবিৰ পাতি থাকিব লগা হৈছে ।
ডুমডুমাৰ বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্তক 7 আগষ্টত গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ ফিল’বাৰীৰ টেঙানি সোণজানত বিতৰ্কিত চাহ ব্যৱসায়ীগৰাকীৰ অবৈধ চাহ বাগান উচ্ছেদ কৰি প্ৰশাসনে কৰ্দৈগুৰিৰ বান-খহনীয়াত সৰ্বস্বান্ত হোৱা ২৪টা পৰিয়ালক সংস্থাপিত কৰিছিল যদিও সেই স্থানৰ পৰা ৰূপক দত্তই খেদি পঠিওৱাৰ পিছতে ফিল’বাৰী আৰু ডুমডুমা থানাত ৰূপক দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই ৰূপক দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Tinsukia police arrested Rupak Dutta) ।
লগতে পঢ়ক: Rehabilitation of flood victims: কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ?