ETV Bharat / state

তিনিচুকীয়া গণপ্ৰহাৰঃ আটক 22 অপৰাধী

তিনিচুকীয়াৰ শিউপুৰ চাহ বাগিচাৰ হত্যাকাণ্ডত জড়িত 22 জন অপৰাধীক আটক কৰি জেললৈ প্ৰেৰণ

তিনিচুকীয়াৰ গণপ্ৰহাৰ কাণ্ডৰ লগত জড়িত আটাইকেইজনক আটক
author img

By

Published : Jun 20, 2019, 9:37 PM IST

তিনিচুকীয়া,২০জুনঃ তিনিচুকীয়া আৰক্ষীৰ সফলতা । ৭ জুনত তিনিচুকীয়া ৰঙপুৰীয়াৰ শিউপুৰ চাহ বাগিচাত গণপ্ৰহাৰ কৰি মাতৃ-পুত্ৰক হত্যা কৰিছিল একাংশ উত্তেজিত লোকে৷ আইন হাতত তুলি লোৱাৰ অপৰাধত আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত এক গোচৰ ৰুজু কৰি তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত ক্ষিপ্ৰতাৰে এই ঘটনাৰ তদন্ত চলাইছিল ৷ হত্যাকাণ্ডত জড়িত মূল একৈশ গৰাকী অপৰাধীক চিনাক্ত কৰি বৃহস্পতিবাৰে ১৭ গৰাকী লোকক আটক কৰে ৷ ইয়াৰ পূৰ্বে ৪ গৰাকীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰে ১১ গৰাকী মহিলা আৰু ১০ জন পুৰুষ অপৰাধী ৷

তিনিচুকীয়াৰ গণপ্ৰহাৰ কাণ্ডৰ লগত জড়িত আটাইকেইজনক আটক

উল্লেখ্য যে,৭ জুনত তিনিদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী মহিলা শৌচাগাৰৰ গাঁতত মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ মহিলাগৰাকীৰ স্বামী আৰু শাহুৱেক আৰক্ষীৰ সন্মুখতে গণপ্ৰহাৰ কৰিছিল ৰাইজে ৷ ঘটনাস্থলীতে মৃত্যু হৈছিল যমুনা তাঁতী নামৰ মহিলা গৰাকীৰ । অন্যহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অজয় তাঁতীক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল৷

অধিক জানিবলৈ পঢ়কঃ গণপ্ৰহাৰঃ প্ৰকৃততে কি হৈছিল তিনিচুকীয়াত

Intro:Body:

তিনিচুকীয়াৰ শিউপুৰ চাহ বাগিচাৰ হত্যাকাণ্ডত জড়িত 22জন অপৰাধীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে তিনিচুকীয়া আৰক্ষীয়েঃ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলিছিল হত্যাকাণ্ডৰ তদন্ত

Photo keita mail pora loi video kori di exclusive logai

তিনিচুকীয়া,২০জুনঃ তিনিচুকীয়া আৰক্ষীয়ে আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৭ জুনত তিনিচুকীয়া ৰঙপুৰীয়াৰ শিউপুৰ চাহ বাগিচাত গণপ্ৰহাৰ কৰি মাতৃ-পুত্ৰক হত্যা কৰিছিল একাংশ উত্তেজিত লোকে৷ আইন হাতত তুলি লোৱাৰ অপৰাধত আৰক্ষীয়ে তিনিচুকীয়া সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত এক গোচৰ ৰুজু কৰি তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত ক্ষিপ্ৰতাৰে ঘটনাৰ তদন্ত চলিছিল৷ হত্যাকাণ্ডত জড়িত মূল একৈশ গৰাকী অপৰাধীক চিনাক্ত কৰি বৃহস্পতিবাৰে ১৭ গৰাকী লোকক আটক কৰিছে৷ ইয়াৰ পূৰ্বে ৪ গৰাকীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে৷ইয়াৰে১১ গৰাকী মহিলা আৰু ১০ জন পুৰুষ অপৰাধী৷

উল্লেখ্য যে,৭ জুনত তিনিদিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী মহিলা শৌচাগাৰৰ গাঁতত মৃত অৱস্থাত উদ্ধাৰ  হোৱাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ মহিলাগৰাকীৰ স্বামী আৰু শাশুৱেকক  আৰক্ষীৰ সন্মুখতে গণপ্ৰহাৰ কৰিছিল  ৰাইজে ৷

ঘটনাস্থলীতে মৃত্যু হৈছিল যমুনা তাঁতী নামৰ এগৰাকী মহিলা৷ অন্যহাতে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত অজয় তাঁতীক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল৷

তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱালৰ ৰিপৰ্ট ইটিভি ভাৰত অসম

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.