তিনিচুকীয়া, ৮ জুলাই: শনিবাৰে মাকুমত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বিধায়ক সুৰেন ফুকনে ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰণি বৰহাপজান স্বাস্থ্য কেন্দ্ৰৰ নতুন গৃহ নিৰ্মাণৰ অৰ্থে ৪৬ লাখ ৪২ হাজাৰ ৭০০ টকাৰ ব্যয়ৰ সাপেক্ষে নিৰ্মাণ হ’বলগীয়া আধাৰশিলা স্থাপন ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ । আধাৰশিলা স্থাপনৰ সময়ত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে পঞ্চায়ত প্ৰতিনিধি আৰু দলীয় কাৰ্যকতাসকল ।
জৰাজীৰ্ণ অৱস্থাত স্থানীয় ৰাইজে বহুদিনৰ পৰা চিকিৎসা সেৱা গ্ৰহণ কৰি অহাত স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰাৰ পাচত যথেষ্ট সুবিধা হ’ব বুলি বিধায়কগৰাকীয়ে মন্তব্য প্ৰদান কৰে । ইয়াৰ পাচতেই বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপনৰ বাবে উপস্থিত হয় মাকুমৰ বনমালী ভৱনত ৷
বৃহত্তৰ মাকুম অঞ্চলৰ সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে প্ৰতিষ্ঠিত মাকুম চহৰৰ মাজমজিয়াত থকা এই ভৱনটো ১৯৭০ চনৰ এপ্ৰিল মাহৰ ১৯ তাৰিখে উদ্ধোধন কৰা হৈছিল ৷ কিন্তু বছৰ বাগৰৰ লগে লগে জৰাজীৰ্ণ হৈ পৰিছিল ভৱনটো ৷ মাকুম পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদিত ৩৫ লাখ টকা ব্যয়েৰে ভৱনটো পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ।
অতি সোনকালে ভৱনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি মন্তব্য কৰে ডিগবৈ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ ইয়াৰ লগতে মাকুমস্থিত টেঙাপানী নামঘৰৰ অসম চৰকাৰৰ অধীনৰ 14 ফাইনেন্সৰ দ্বাৰা ৪ লাখ ৫০ হাজাৰ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা শৌচালয়ৰ উদ্ধোধন কৰে বিধায়কগৰাকীয়ে । আটাইকেইটা কাৰ্যসূচীতেই বিধায়কগৰাকীক সংগ দিয়ে পৌৰপতি বিপাশা বৰা, ৱাৰ্ড সদস্যৰ লগতে দলীয় কাৰ্যকর্তা সকলে ৷
লগতে পঢ়ক: Assam politics: ‘তিনি গগৈ’ক লৈ চলা চৰ্চা সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে ?