ETV Bharat / state

প্ৰসংগ বিধায়ক কুৰ্মীঃ এইবাৰ ঠেলা লৈ নামি পৰিল ৰাজপথত

এক উদ্দেশ্যে লৈহে শুকুৰবাৰে মৰিয়নী নগৰত ঠেলা চলাই ৰূপজ্যোতি কুৰ্মীয়ে। শেহতীয়াকৈ বানে গৰকা অঞ্চলসমূহৰ ৰাইজক এমুঠি অন্ন তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰদানৰ উদ্দেশ্যে ঠেলা লৈ উলাই আহে বিধায়ক কুৰ্মী ৷

author img

By

Published : Jul 31, 2020, 7:05 PM IST

Rupajyati Kurmi
ৰূপজ্যোতি কুৰ্মী

মৰিয়নী, 31 জুলাইঃ নিতৌ ন ন অৱতাৰেৰে সংবাদ মাধ্যমত শিৰোনাম দখল কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ ঠেলা লৈ নামিল ৰাজপথত । ঠেলা চলাই বিভিন্ন খাদ্য সামগ্ৰী যুগুত কৰে বিধায়ক গৰাকীয়ে ৷ কিন্তু কিয় ঠেলা লৈ এনেদৰে ৰাজপথত নামিবলগীয়া হ'ল বিধায়ক গৰাকী ?

প্ৰসংগ বিধায়ক কুৰ্মী

লগতে পঢ়কঃ নোনা নৈৰ মথাউৰি ছিগি প্লাৱিত নলবাৰীৰ বিস্তীৰ্ণ এলেকা

প্ৰকৃততে,এক উদ্দেশ্যেলৈ হে শুকুৰবাৰে মৰিয়নী নগৰত ঠেলা চলাই ৰূপজ্যোতি কুৰ্মীয়ে। শেহতীয়াকৈ বানে গৰকা অঞ্চলসমূহৰ ৰাইজক এমুঠি অন্ন তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰদান উদ্দেশ্যে ঠেলা লৈ উলাই আহে বিধায়ক কুৰ্মী ৷ মৰিয়নী নগৰত দোকান সমূহৰ পৰা বন্যাৰ্তৰ বাবে খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন যাৱতীয় সামগ্ৰী সংগ্ৰহ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

বানপীড়িতৰ সকলৰ দুখ দুৰ্দশা কিছু পৰিমাণে লাঘৱ কৰাৰ উদ্দেশ্যে এই প্ৰচেষ্টা হাতত লৈছে বিধায়কগৰাকীয়ে ৷ আনহাতে তেওঁৰ এই প্ৰচেষ্টাত সমভাগী হয় মৰিয়নী বাসীৰ লগতে মৰিয়নী যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আই ৰ বিষয়ববীয়াসকল। উল্লেখ্য যে, প্ৰশাসন পৰা অনুমতি লৈ শীঘ্ৰে বন্যাৰ্তৰ কাষত উপস্থিত হ'ব বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ সেয়ে শুকুৰবাৰে ঠেলাত খাদ্য সামগ্ৰী যুগুত কৰে বিধায়গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.