ETV Bharat / state

কাকপথাৰৰ 6 টাকৈ অসহায় শিশুক সহায়ৰ হাত বিধায়ক ভাস্কৰ শৰ্মাৰ - কাকপথাৰৰ 6 টাকৈ অসহায় শিশু3

ভিন্ন সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱা কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ 6 টাকৈ পিতৃ-মাতৃহীন কণমানিৰ কৰুণ বাতৰিয়ে প্ৰভাভিৱ কৰিলে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক ৷ সোমবাৰে কণমানি কেইটিক সহায় প্ৰদানৰ বাবে আগবাঢ়ি আহিল বিধায়ক গৰাকী ৷

mla of margherita bhaskar sarma helped 6 orphan child of kakopathar

author img

By

Published : Jun 29, 2020, 2:13 PM IST

শদিয়া, 29 জুনঃ পৰিয়ালক ভৰণ পোষণ দিব নোৱাৰি এবছৰৰ আগতেই আত্মহত্যা কৰাৰ পাচত, মাতৃৰ আকস্মিক মৃত্যুত ঘাট-মাওৰা হৈ পৰিছিল তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ 6 টাকৈ কণমানি ৷ পিতৃ-মাতৃক হেৰুৱাই কণমানি কেইটাই থাকিব লৈছিল ওচৰৰে খুড়াকৰ ঘৰত ৷ কিন্তু 6 টাকৈ ল'ৰা ছোৱালীৰ দায়িত্ব বহন কৰা খুড়াকেও দিন হাজিৰা কৰি কোনোমতে নিজৰ পৰিয়ালটো ভৰণ-পোষণ দিয়াৰ ক্ষেত্ৰত সন্মুখীন হৈছিল বিশেষ অসুবিধাৰ ৷

কাকপথাৰৰ 6 টাকৈ অসহায় শিশুক সহায়ৰ হাত বিধায়ক ভাস্কৰ শৰ্মাৰ

ভিন্ন সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱা এই কণমানি কেইটিৰ বাতৰিয়ে প্ৰভাৱিত কৰিলে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক ৷ সংবাদ মাধ্যমযোগে তেওঁলোকৰ দুৰৱস্থাৰ বিষয়ে অৱগত হোৱাৰ পিচতে বিধায়ক গৰাকী আগবাঢ়ি আহিল পৰিয়ালটোক কিছু সাহায্য প্ৰদান কৰিবলৈ ৷ পৰিয়ালটোৰ কাষত উপস্থিত হৈ কণমানি কেইটিক কাপোৰ, খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে, তেওঁলোকৰ ভৱিষ্যৎৰ কথা চিন্তা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ জানিব পৰা মতে, ইতিমধ্যে শিশুকেইটাক সহায়ৰ বাবে বিধায়ক গৰাকীৰ লগতে আগবাঢ়ি আহিছে বহু সু-হৃদয়বান লোক ৷

লগতে পঢ়কঃ পিতৃৰ আত্মহত্যা,মাতৃৰ মৃত্যুত অসহায় ছটাকৈ ল'ৰা ছোৱালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.