তিনিচুকীয়া, 6 জুন: তিনিচুকীয়াৰ বাঘজানত গেছ নিৰ্গতৰ ফলত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ কাষত শনিবাৰে উপস্থিত হয় শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া । বিধায়কজনে বাঘজানত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ পৰিস্থিতিৰ বুজ লয় । বৃহত্বৰ অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ ক্ষতিপুৰণ অইল ইণ্ডিয়া কৰ্তৃপক্ষই দিব লাগিব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।
লগতে পঢ়কঃ কোভিড-১৯ত আক্ৰান্ত ৰাজ্যৰ পঞ্চম স্থানত ৰাজস্থান
অন্যহাতে, কিছুদিন পূৰ্বে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন আশ্ৰয় শিবিৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত শিহুকে ধৰি মাছ-কাছৰ মৃত্যুৰ কাৰণ সম্পৰ্কে কৰা মন্তব্যৰ ওপৰত সাংবাদিকে সোধা প্ৰশ্নত বিধায়ক বলিন চেতিয়াই মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও এই সময়ত অন্য কোনোধৰণৰ মন্তব্য কৰাটো উচ্চিত নহয় বুলি উল্লেখ কৰে ।
ইফালে, কৰ'ণা ভাইৰাছৰ পৰিপেক্ষিতত লক্ ডাউন হোৱাৰ বাবে বিদেশৰ পৰা বিশেষজ্ঞ বৰ্তমানলৈকে উপস্থিত হোৱা নাই যদিও দুই-এদিনতেই তেওঁলোক উপস্থিত হ'ব বুলি উল্লেখ কৰে বিধায়ক বলিন চেতিয়াই ।
লগতে চাওকঃ প্ৰথম স্থান প্ৰাপ্ত ইয়ামিন আলীৰ পঢ়াৰ দায়িত্ব গ্ৰহণ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ