ETV Bharat / state

ম্যানমাৰৰ শিবিৰৰ পৰা নামি অহা আলফাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

author img

By

Published : Mar 3, 2022, 10:23 PM IST

Updated : Mar 3, 2022, 10:30 PM IST

দুগৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰাৰ পাছত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে আয়োজন কৰিলে সংবাদমেল (Tinisukia SP on ULFA I member surrendering )। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰৰ (ULFA I camp in Myanmar) পৰা নামি অহা আলফা তথা NSCN(KYA)ৰ সদস্যৰ এটা সাতজনীয়া দলৰ সন্ধানত অব্যাহত থকা অভিযান সন্দৰ্ভত অৱগত কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

mission-against-extremism-by-assam-police-in-arunachal
ম্যানমাৰৰ শিবিৰৰ পৰা নামি অহা আলফা স্বাধীন সদস্যৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান

তিনিচুকীয়া, মৰাণ 3 মাৰ্চ : অৰুণাচলৰ নামপঙৰ গভীৰ অৰণ্যত চলিছে সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযান (Mission against extremism by Assam police) ৷ ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰৰ (ULFA I camp in Myanmar) পৰা নামি অহা আলফা তথা NSCN(KYA)ৰ সদস্যৰ এটা সাতজনীয়া দলৰ ওপৰত উজনিৰ দায়িত্বত থকা আৰক্ষী মহা পৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত চলিছে এই অভিযান ৷

জানিব পৰা গৈছে যে, দলটোৰ সদস্য ধনী অসমে ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে (ULFA I member surrendered to police) ৷ ধনী অসমৰ পৰা এটা HK 33 ৰাইফল, তিনিটা মেগজিন, এটা চাইনিছ গ্ৰেনেট আৰু ৯০ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়া আৰক্ষী ।

খবৰ অনুসৰি, ধনী অসমে আত্মসমৰ্পণ কৰাৰ পিছতে সাত জনীয়া দলটো ছেদেলি-ভেদেলি হৈ পছিল এই অঞ্চলৰ ঘন জংঘলত৷ ধনী অসমৰ ওপৰিও এই দলটোত আছিল কেপ্তেইন মৃগাঙ্ক অসম, জ্ঞান অসম, ইয়াংকু অসম, জাগৰণ অসম আৰু দুগৰাকী NSCN(KYA)ৰ সদস্য ৷ ইপিনে তেওঁলোকৰ আন এগৰাকী সতীৰ্থ জাগৰণ অসমে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে অসম আৰক্ষীৰ উজনিৰ DIG জিৎমল দলেৰ ওচৰত ।

আত্মসমৰ্পণ কৰা জাগৰণ অসমৰ পৰা এটা MQ 81 ৰাইফল সহ তিনিটা মেগজিন আৰু ১৪৮ জাই সজীৱ গুলী উদ্ধাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ।

আত্মসমৰ্পণ কৰা নিলোৎপল তামুলী উৰফে জাগৰণ অসম

দুগৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰাৰ পাছত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে আয়োজন কৰিলে সংবাদমেল (Tinisukia SP on ULFA I member surrendering ) । এই সংবাদমেল যোগে আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে যে, যদিহে আলফা স্বাধীনৰ সদস্য কেইগৰাকীয়ে আত্মসমৰ্পন কৰে তেওঁলোকক আৰক্ষীয়ে সহায় কৰিব ৷ কিন্তু, আৰক্ষীৰ আলফা স্বাধীনৰ বিৰুদ্ধে চলি থকা অভিযান অব্যাহত থাকিব ৷

ইপিনে জানিব পৰা গৈছে যে, জানুৱাৰী মাহতেই ম্যানমাৰৰ পৰা অসমলৈ আহিছিল ধনী অসম, জাগৰণ অসম সহ ৭ জনীয়া আলফাৰ দলটো । MQ81, HK33 আদি অত্যাধুনিক মৰণাস্ত্ৰৰে সুসজ্জিত দলটোৱে অসমলৈ আহি ব্যাপক ধনদাবী, অৰ্থ সংগ্ৰহ কৰাৰ লগতে চলাই গৈছিল আলফাত সদস্যভৰ্ত্তি অভিযান । ইয়াৰে ৰবীন নেওগ উৰফে টিকলাই নেওগ উৰফে ধনী অসমে ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগতে আৰক্ষীক প্ৰদান কৰিছে স্বীকাৰোক্তি ৷

বৰডুমছা থানাৰ অন্তৰ্গত ডুমছী হাতীগড়ৰ টিকলাই নেওগ উৰফে ধনী অসমে আত্মসমৰ্পণৰ সময়ত এটা HK33 ৰাইফলৰ লগতে তিনিটা মেগজিন সহ প্ৰায় এশজাই সজীৱ গুলী আৰু এটা চাইনীজ হেণ্ডগ্ৰেণেড আৰক্ষীক জমা দিছে ‌। অন্যহাতে, দলটোৰ অন্য এগৰাকী সদস্য নিলোৎপল তামুলী উৰফে জাগৰণ অসমে আনুষ্ঠানিকভাৱে ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত বাকী পাঁচ গৰাকী সদস্যৰ বিৰুদ্ধে সম্প্ৰতি আৰক্ষীয়ে অভিযান চলাই থকাৰ কথা সদৰি কৰিছে ৷

লগতে পঢ়ক : Assam youths joining ULFA-I: আলফালৈ যোগদানৰ বাবে যোৱা দুই যুৱকক কৰায়ত্ব

Last Updated : Mar 3, 2022, 10:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.