ডুমডুমা,2 মাৰ্চঃ ডুমডুমা থানাৰ অন্তৰ্গত বৰহাপজানৰ ১৯ বছৰীয়া এগৰাকী মানসিকভাৱে অসুস্থ যুৱক যোৱা ২৯ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে । এখন বিয়াৰ অভ্যৰ্থনালৈ দিনৰ প্ৰায় ১১ মান বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰ পৰা নিৰুদ্দেশ হৈ আছে মুন্না শ্বাহ(অংকু) নামৰ যুৱকজন ৷ উল্লেখ্য যে পিতৃহীন এই যুৱকজনৰ বিষয়ে কোনো লোকে সম্ভেদ লাভ কৰিলে বা কাৰোবাৰ দৃষ্টিগোচৰ হ'লে 7896843121 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
লগতে পঢ়কঃমাতৃক হত্যাৰ চেষ্টা পুত্ৰৰ