ডুমডুমা, 25 মে': তিনিচুকীয়া জিলাৰ ডুমডুমা এফ আৰ ইউ চিকিৎসালয়ত দুৰ্বৃত্তৰ দল এটাই এগৰাকী পঞ্চায়ত সচিবসহ দুই বিজেপি নেতাক আক্ৰমণ কৰাক লৈ সমগ্ৰ ডুমডুমা অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে ৷ হাইদৰ খান নামৰ এজন যুৱকৰ নেতৃত্বত হোৱা এই আক্ৰমণৰ পাচতে, খানে এই বিষয়টো সাম্প্ৰদায়িক ৰহন সনাৰ চেষ্টা কৰে বুলি একাংশ লোকে অভিযোগ উত্থাপিত কৰিছে ৷
অভিযোগ অনুসৰি শুকুৰবাৰে বিয়লি ডুমডুমাৰ পুলিচ পইন্টৰ সমীপত হাইদৰ খানে AS-23EU-1784 নম্বৰৰ বাইক এখনেৰে খুন্দিয়াই, কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ সচিব লক্ষীৰাম দাসক গুৰুতৰভাৱে আহত কৰে ৷ পথ দুৰ্ঘটনাটোত আহত লক্ষীৰাম দাসক ততাতৈয়াকৈ,বিজেপিৰ হাপজান ব্লক যুৱ মৰ্চাৰ সম্পাদক ত্ৰিদিপজ্যোতি মৰাণ আৰু তিনিচুকীয়া জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক জ্ঞান বৰুৱাই ডুমডুমা চহৰস্থিত এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইমানখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু অভিযোগ অনুসৰি আহত লক্ষীৰাম দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচতে হাইদৰ খান আৰু তেওঁৰ নিৰ্দেশত হাইদৰৰ সমৰ্থনত অৰ্ধশতাধিক যুৱক চিকিৎসালয়খনত উপস্থিত হৈ আহত পঞ্চায়ত সচিব লক্ষীৰাম দাসক আক্ৰমণ কৰে ৷ লগতে আহত লক্ষীৰাম দাসৰ কাষত থিয় হৈ থকা ত্ৰিদিপজ্যোতি মৰাণ আৰু জ্ঞান বৰুৱাকো আক্ৰমণকাৰী দলটোৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ দলটোৰ আক্ৰমণত বিজেপি নেতাদ্বয় গুৰুতৰ ভাৱে আহত হয় ৷ পৰৱৰ্তী সময়ত চিকিৎসালয়খনত ডুমডুমা থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ হাইদৰ খানৰ বিৰুদ্ধে ত্ৰিদিপজ্যোতি মৰাণ আৰু জ্ঞান বৰুৱাই ডুমডুমা থানাত এখন এজাহাৰ দাখিল কৰে ৷ বিজেপি নেতাদ্বয়ৰ অভিযোগৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে হাইদৰ খানৰ নেতৃত্বত সংঘটিত আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে 151/19 নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 279/ 337/ 295(a)/ 325/ 34 ধাৰাত হাইদৰ খানক আটক কৰিছে ৷