ধেমাজি, 18 জুলাই : উত্তৰ অসমৰ বহু প্ৰত্যাশিত ধেমাজি চিকিৎসা মহাবিদ্যালয় (DMC)ৰ কাম আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ নেতৃত্বাধীন অসম চৰকাৰৰ শুকুৰবাৰে ঘোষণা হোৱা বিত্তীয় বাজেট (financial budget)ত ১৬ কোটি টকা পুঁজি ধাৰ্য কৰা হৈছিল ৷ ইয়াৰ পিছতে শনিবাৰে ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে মহাবিদ্যালয়খনৰ প্ৰস্তাবিত ১৫০ বিঘা মাটি পৰিদৰ্শন কৰে ৷ মন্ত্ৰী গৰাকীৰ সৈতে জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী উপস্থিতি থাকে ৷
মন্ত্ৰী কিষাণে ধেমাজি অসামৰিক চিকিৎসালয়ৰ (Demaji Civil Hospital) সমীপৰ ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ হিলৈদাৰী ব্লক আৰু কোৱাফলা ৰাজহ গাঁৱৰ মুঠ ১৫০ বিঘা মাটি পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰীজনে ধেমাজি অসামৰিক চিকিৎসালয়ৰ বিভিন্ন ৱাৰ্ড পৰিদৰ্শন কৰে আৰু চিকিৎসালয়খনৰ অভাৱ অভিযোগৰ বুজ লয় ৷ লক্ষ্যণীয় যে, ভূমি পৰিদৰ্শন কৰি মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য যাতে স্থবিৰ হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য কৰি পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব দিব বুলি মন্তব্য কৰে ৷
ইপিনে বাজেটত চিকিৎসা মহাবিদ্যালয়ৰ বাবে পুঁজি ধাৰ্য কৰাত উৎফুল্লিত হৈ পৰিছে ধেমাজিবাসী ৷ পৰম আগ্ৰহেৰে চিকিৎসা মহাবিদ্যালয়ৰ কাম শুভাৰম্ভ কৰাৰ ক্ষণলৈ অপেক্ষা কৰা জিলাবাসীয়ে মুখ্যমন্ত্ৰী সহিতে অসম চৰকাৰক কৃতজ্ঞতা জনায় ৷
উল্লেখযোগ্য যে, ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৰাজহ বিভাগে ইতিমধ্যে ভূমি জৰীপ সম্পন্ন কৰিছে ৷ ইয়াৰ বিপৰীতে ভূমি হস্তগত কৰাৰ ক্ষেত্ৰত শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনে অৱগত কৰিছে ৷ শনিবাৰে, মন্ত্ৰী গৰকীৰ পৰিদৰ্শন কালত ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী , জিলা উন্নয়ন আয়ুক্ত দিপাংকৰ দাস আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে তেওঁক সংগদান কৰে ৷
লগতে পঢ়ক : ভেকচিন কেন্দ্ৰ বন্ধ কৰাৰ প্ৰতিবাদত অনশন ধৰ্মঘট