ETV Bharat / state

Tribal Rest House inaugurate : মাৰ্ঘেৰিটাত কোটি টকীয়া জনজাতি জিৰণি গৃহ উদ্বোধন - য়ে ABVP ক এটা অৰাজনৈতিক সংগঠন

মাৰ্ঘেৰিটাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে এটা জনজাতীয় অতিথিশালা ৷ 1 কোটি 1 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই অতিথিশালাটো ৷

Minister Ranoj Pegu inaugurate Tribele Rest House at Margherita
জনজাতি জিৰণি গৃহ উদ্বোধন
author img

By

Published : Aug 8, 2023, 7:11 AM IST

তিনিচুকীয়া, 8 আগষ্ট : সোমবাৰে বিয়লি উদ্বোধন কৰা হ’ল ‘‘জনজাতি জিৰণি গৃহ’’ ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ প্ৰসন্ন তুৰুং ‘‘জনজাতীয় অতিথিশালা’’ৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ উন্নয়ন বিভাগৰ আঁচনিৰ দ্বাৰা 1 কোটি 1 লাখ টকা ব্যয়েৰে নিৰ্মাণ হোৱা জনজাতীয় অতিথিশালাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্যও আগবঢ়ায় ৷

Minister Ranoj Pegu inaugurate Tribele Rest House at Margherita
মাৰ্ঘেৰিটাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান চৰকাৰখনে ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ ৰাইজৰ বাবে যথেষ্ট আন্তৰিকতাৰে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব ৷ আনহাতে, ABVP ৰ সদস্য ভৰ্তি অভিযানত শিক্ষাগুৰুসকলক অন্তৰ্ভুক্তি হোৱা বিষয়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ABVP ক এটা অৰাজনৈতিক সংগঠন বুলি আখ্যা দিয়ে ৷

লগতে শিক্ষকসকল ABVP ত যোগদান কৰাটো তেওঁলোকৰ ব্যক্তিগত মত বুলিও তেওঁ উল্লেখ কৰে ৷ আনকি ৰাজনৈতিক দলত যদি শিক্ষক বা চৰকাৰী কৰ্মচাৰী যোগদান কৰে সেয়া দুৰ্ভাগ্যজনক বুলিও আখ্যা দিয়ে মন্ত্ৰী পেগুৱে ৷

উল্লেখ্য যে, সোমবাৰে মাৰ্ঘেৰিটাত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে উপস্থিত থাকে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, অসম ৰাজ্যিক বিজেপি কাৰ্যকাৰী সদস্য অৰুণজ্যোতি মৰাণৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাজনো বিষয়ববীয়া ৷ এই অনুষ্ঠানৰ পাচতেই শিক্ষামন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা মহাবিদ্যালয়ত উপস্থিত হৈ অধ্যক্ষ ডাঃ অতনু কাকতীৰ লগতে শিক্ষকসকলৰ সৈতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি সম্পৰ্কত এক আলোচনাত মিলিত হয় ।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো বৰ্তমানেও চৰকাৰীকৰণ নকৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত সুদীৰ্ঘ দিনে শিক্ষা বিভাগ তথা প্ৰাক্তন শিক্ষামন্ত্ৰীসকলক অৱগত কৰি অহা হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

বৃহত্তৰ অঞ্চলটোৰ তিনিটা শাখা থকা একমাত্ৰ উচ্চ শিক্ষাৰ মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটো চৰকাৰীকৰণৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : Bajrang Dal Arms training: অগপ নেতা ড৹ জয়নাথ শৰ্মাক তলব দৰং জিলা আয়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.