ETV Bharat / state

Gunotsav 2023: টিকনি বৰুৱা আনিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

author img

By

Published : Feb 2, 2023, 5:40 PM IST

গুণোৎসৱ-২০২৩ৰ উপলক্ষে বৃহস্পতিবাৰে মাকুম গোপাল কৃষ্ণ বালিকা বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মন্ত্রীগৰাকীৰ এই পৰিদৰ্শন কালত তেওঁক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে উপহাৰ হিচাপে যাচে অসমীয়াৰ বহু আপুৰুগীয়া “টিকনি বৰুৱা” ৷ ইফালে বিদ্যালয়খনত উপস্থিত হৈ নথৈ আনন্দিত হোৱাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

Gunotsav 2023
মাকুমৰ গুণোৎসৱত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মাকুমৰ গুণোৎসৱত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Das ) বৃহস্পতিবাৰে পৰিদৰ্শন কৰে তিনিচুকীয়া জিলাৰ মাকুম গোপাল কৃষ্ণ বালিকা বিদ্যালয় ৷ শিক্ষা সংস্কাৰ আৰু বিদ্যালয়সমূহৰ গুণগত মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যেৰে ৰাজ্যৰ ৩১ খন জিলাত আৰম্ভ হোৱা চতুৰ্থ পৰ্বৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ-২০২৩ৰ উপলক্ষে বিদ্যালয়খনত কৰা হৈছে বিশেষ আয়োজন ৷ উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে বিদ্যালয়ৰখনৰ জৈৱিক সাৰৰে প্ৰস্তুত কৰা শাকনিবাৰীখন পৰিদৰ্শন কৰে ৷

মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন(Gopal Krishna Girls High School in Makum) পৰিদৰ্শন কৰা সময়ত তেওঁৰ লগত উপস্থিত থাকে বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, জিলা পৰিষদৰ অধ্যক্ষ ৰাজেন্দ্ৰ নাথ কৈৰীক প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলা প্ৰশাসনিক বিষয়াসকল । অসমীয়াৰ বহু আপুৰুগীয়া “টিকনি বৰুৱা” নামৰ লতাজাতীয় শাকবিধ মন্ত্রীগৰাকীক উপহাৰ হিচাপে যাচে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে । বিদ্যালয়খন পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে গুণোৎসৱ-২০২৩ উপলক্ষে মাকুমৰ গোপাল কৃষ্ণ বালিকা বিদ্যালয়লৈ আহি নথৈ আনন্দিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷

মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়- "প্ৰায় ৯৭০ গৰাকী ছাত্ৰীৰে ভৰপূৰ এই বিদ্যালয়খনত যোৱা এটা বছৰৰ উপস্থিতি পৰীক্ষা কৰি দেখা গ'ল যে ইয়াত ৯৫ শতাংশ ছাত্ৰী উপস্থিত থাকে ৷ এই বিদ্যালয়খনৰ ৯০ শতাংশ ছাত্ৰী চাহ বাগিচা অঞ্চলৰ ৷ সাধাৰণতে চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ কম হয় বুলি বহুতে ভাবে যদিও এই ধাৰণা আজি অমূলক বুলি প্ৰমাণ পালোঁ গোপাল কৃষ্ণ বালিকা বিদ্যালয়ত ৷ এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী চক্ৰৱৰ্তীৰ নেতৃত্বত আৰু তৎপৰতাত স্কুলখনত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ লগতে বিভিন্ন ধৰণৰ খেতি পৰ্যন্ত কৰা দেখিছোঁ ৷"

তেওঁ আৰু কয়, "ইয়াৰ ভিতৰত ব্ৰকলি, টেঙা আৰু কলৰ খেতি উল্লেখযোগ্য ৷ ইয়াৰোপৰি, তেওঁলোকে মোক এজোপা গছ দেখুৱালে যাৰ নাম "টিকনি বৰুৱা" গছ ৷ এই টিকনি বৰুৱা গছৰ আগলতি খালে ইউৰিক এচিডৰ লগতে বহু বেমাৰৰ পৰা মুক্ত হয় বুলি তেওঁলোকে মোক জনায় ৷ গছজোপা দেখি তথা কথাখিনি জানি ভাল লাগিল ৷ গতিকে মই অলপ লৈ গৈছোঁ, কাইলৈ পুৱা খোৱাৰ লগতে গুৱাহাটীলৈও লৈ যাম ৷ প্ৰধান শিক্ষয়িত্ৰী দিপালী চক্ৰৱৰ্তী সহিতে বিদ্যালয়খনৰ ১৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক মই আন্তৰিক অভিনন্দন জনাইছো ৷"

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে মাকুম পৌৰসভাৰ কাৰ্যালয় পৰিদৰ্শন কৰি পৌৰসভাৰ কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰে(Makum Municipal Board) ৷ পৌৰপতি বিপাশা বৰাৰ(Makum Municipal Board Chairperson Bipasha Bora) লগতে কৰ্মচাৰীসকলে এখন ফুলাম গামোচা আৰু এখন শৰাইৰে মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Gunotsav in Baihata Chariali: বাইহাটা চাৰিআলিত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পাটোৱাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.