ETV Bharat / state

কেৱল হিমন্ত নহয় ! পীযুষ হাজৰিকাৰ মতেও আমানতৰ ধন হেৰুৱাব এজেপিয়ে - piyus hazarika at sodia

কাকপথাৰ অঞ্চলৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰআলি আঞ্চলিক পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ৷ এই স্থানতেই সাংবাদিক সম্বোধন কৰি কয়, আগন্তক নিৰ্বাচনত শদিয়া সমষ্টিত অসম জাতীয় পৰিষদে পোন্ধৰ শ পৰা দুহেজাৰ ভোট লাভ কৰিব ৷ ইয়াৰ লগতে AJP ৰ প্ৰত্যেক জন প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

minister-of-state-for-health-and-planning-piyus-hazarika-at-sodia
21 আমানতৰ ধন বাজেয়াপ্ত হ'ব AJP ৰ প্ৰাৰ্থীৰ
author img

By

Published : Jan 10, 2021, 5:03 PM IST

শদিয়া, 10 জামুৱাৰী : কৰ’ণা মহামাৰীৰ পিচতে এতিয়া অসমত লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে 21 ৰ নিৰ্বাচনীক বতাহ ৷ এফালে অসমত নতুন আঞ্চলিকতাবাদী ধৰা প্ৰতিষ্ঠাৰ সংকল্পৰে নতুন আঞ্চলিক দলৰ ৰাজনৈতিক শক্তি প্ৰদৰ্শন আনফালে আঞ্চলিকবাদক ধূলিস্যাৎ কৰি পুনৰ ৰাষ্ট্ৰীয়তাবাদী চৰকাৰ গঠনৰ সংকল্পৰে শাসকীয় দল বিজেপিৰ ৰাজনৈতিক তৎপৰতা ৷ ইয়াৰ সমান্তৰালভাৱে পিছ পৰি ৰোৱা নাই বিৰোধী স্থিতিত থকা কংগ্ৰেছ এআইউডিএফও ৷ সকলোৰে লক্ষ্য হৈ পৰিছে এতিয়া 2021 ৰ বিধান সভা নিৰ্বাচন ৷

বৰ্তমান অসমৰ ৰাজনৈতি প্ৰেক্ষাপটলৈ যদি লক্ষ্য কৰা যায় তেতিয়া পোনচাতেই দৃষ্টিগোচৰ হয় শাসকীয় দল বিজেপি আৰু নতুন কৈ উত্থান হোৱা আঞ্চলিক শক্তি মাজত চলি থকা ৰাজনৈতিক বাক যুদ্ধ ৷ কা' আন্দোলনৰ পটভূনিত উত্থান হোৱা আঞ্চলিক শক্তিয়ে স্পষ্টকৈ 21 নিৰ্বাচনত ৰাষ্ট্ৰীয়তাবাদী শক্তিক উফৰাই আঞ্চলিকতাবাদী চৰকাৰ গঠনৰ হুংকাৰ তথা ৰাইজক আশ্বাস প্ৰদান কৰিছে ৷ ইয়াৰ বিপৰীতে অসমত নতুনকৈ থন ধৰি উঠা আঞ্চলিকতাবাদ ভুৱা, এই আঞ্চলিকতাবাদ এক মাত্ৰ ক্ষমতা দখলৰ বাবেহে আদি কথাৰে অসমৰ ৰাইজক পতিয়ন যোৱাবলৈ চেষ্টা চলাইছে বিজেপিয়ে ৷ যাৰ বাবে বিজেপিৰ প্ৰত্যেকজন নেতাই ইজনৰ লগত সিজনে সুৰত সুৰ মিলাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ৷

21 ত আমানতৰ ধন বাজেয়াপ্ত হ'ব AJP ৰ প্ৰাৰ্থীৰ

উল্লেখ্য যে, দেওবাৰে তেনে এক মন্তব্য প্ৰকাশ কৰিলে বিজেপিৰ নেতা তথা মন্ত্ৰী পীযুজ হাজৰিকাই ৷ কাকপথাৰ অঞ্চলৰ বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰআলি আঞ্চলিক পূৱেৰুণ যুৱক সংঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ৷ এই স্থানতেই সাংবাদিক সম্বোধন কৰি কয়, আগন্তক নিৰ্বাচনত শদিয়া সমষ্টিত অসম জাতীয় পৰিষদে পোন্ধৰ শ পৰা দুহেজাৰ ভোট লাব কৰিব ৷ ইয়াৰ লগতে AJP ৰ প্ৰত্যেক জন প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব ৷ 21 ত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে পীযুষ হাজৰিকাই ৷ সমান্তৰাল ভাৱে পীযুষ হাজৰিকাই শদিয়া সমষ্টিত পুনৰ বলিন চেতিয়াই বিধায়ক হ'ব বুলি সংবাদ মাধ্যমক স্পষ্ট কৰি দিয়ে ৷

ইফালে, বৰআলি মধ্য ইংৰাজী বিদ্যালয়খনৰ প্ৰাদেশিকীকৰণ ব্যৱস্থা কৰা হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ উক্ত সোণলী জয়ন্তী অনুষ্ঠানত মন্ত্ৰী পিযুজ হাজৰিকাৰ সৈতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক বলিন চেতিয়া ৷

লগতে পঢ়ক: কা বাতিল আৰু পাৰ-পত্ৰ প্ৰবৰ্তনৰ দাবীত এজেওৱাইচিপিৰ গণ অৱস্থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.