ETV Bharat / state

ডিৰাকত উপস্থিত অৰুণাচলৰ পৰা অহা শ্ৰমিকৰ দল - খাদ্য যোগান

অৰুণাচল প্ৰদেশৰ পৰা খোজকাঢ়ি অহা শ্ৰমিকৰ এটা দল মঙলবাৰে উপস্থিত হয় কাকপথাৰৰ ডিৰাকত ৷ অনাহাৰে থকা শ্ৰমিকসকলক খাদ্য যোগান ধৰে মৰাণ ছাত্ৰ সন্থাই ৷ শ্ৰমিকসকলে কৰ্মসূত্ৰে অৰুণাচলত আছিল বুলি জানিব পৰা গৈছে ৷

Migrant from Arunachal Pradesh Sadiya tinsukia etv bharat news
শ্ৰমিকৰ দল
author img

By

Published : May 6, 2020, 10:40 AM IST

শদিয়া,6 মে’ঃ দেশত তৃতীয় পৰ্যায়ৰ লক্​ ডাউন আৰম্ভ হোৱাৰ পিছতে অৰুণাচল প্ৰদেশৰ পৰা খোজকাঢ়ি অসমলৈ অহা শ্ৰমিকৰ সোঁত ক্ৰমান্বয়ে বাঢ়িছে ৷ প্ৰদেশখনৰ পিয়ঙৰ মুদৈগেটৰ পৰা ১৫জন আৰু তেজুৰ পৰা ৭জন শ্ৰমিক আহি মঙলবাৰে উপস্থিত হয় তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাকত ৷ মুদৈগেটৰ পৰা অহা শ্ৰমিকসকল শোণিতপুৰ জিলাৰ হোৱাৰ বিপৰীতে তেজুৰ পৰা অহাসকল লক্ষীমপুৰৰ বুলি জানিব পৰা গৈছে ৷ কৰ্মসূত্ৰে প্ৰদেশখনত থকা শ্ৰমিকসকলৰ থকা-খোৱাৰ অসুবিধা হোৱা বাবে এনেদৰে খোজকাঢ়ি আহি ডিৰাকত উপস্থিত হয় ৷

অসমৰশ্ৰমিকৰ দল উপস্থিত ডিৰাকত

শ্ৰমিকসকলক মৰাণ ছাত্ৰ সন্থাই নিশাৰ আহাৰ যোগান ধৰাৰ লগতে বিষয় সন্দৰ্ভত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰি বাছৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাই সংগঠনটোৱে ৷

লগতে চাওকঃ কোকৰাঝাৰত এগৰাকী ব্যক্তিৰ দেহত চিনাক্ত COVID-19

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.