শদিয়া, 13 ছেপ্তেম্বৰ: তিনিচুকীয়াৰ কাকপথাৰত দেওবাৰে মটক ছাত্ৰ সন্থাই সংবাদমেল অনুষ্ঠিত কৰি ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ পোষকতা কৰে সংগঠনটোৱে ৷ এই সংবাদমেলযোগে ৰাজ্য চৰকাৰে কৰা অসমৰ তিনি জনগোষ্ঠী মৰাণ, মটক আৰু কোচ-ৰাজবংশীক স্বায়ত্ব শাষিত পৰিষদ ঘোষণাক আদৰণি জনায় মটক জনগোষ্ঠীৰ অন্যতম ছাত্ৰ সংগঠনটোৱে ৷ উক্ত সংবাদমেলত অংশগ্ৰহণ কৰে মটক ছাত্ৰ সন্থাৰ কাকপথাৰ আৰু ডিৰাক আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে ৷
কাকপথাৰ পৰিদৰ্শন বাংলোত আয়োজন কৰা সংবাদমেলত সংগঠনটোৰ কাকপথাৰ আৰু ডিৰাক আঞ্চলিক সমিতিৰ বিষয়ববীয়াই সমান্তৰালভাৱে মটক জনগোষ্ঠীক জনজাতিকৰণৰো দাবী জনায় ৷ লগতে অৰুণাচল প্ৰদেশৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অবৈধভাৱে সৰবৰাহ হৈ থকা কাঠ, কয়লা, বিভিন্ন মাদক দ্ৰব্য, কেঁকো সাপ, ক’লা কচু, গুটখা জাতীয় সামগ্ৰীৰ বন্ধৰ দাবী জনায় সংগঠনটোৱে ৷
ইয়াৰোপৰি, সংগঠনটোৱে নাগৰিকত্ব সংশোধনী আইন আৰু EIA-2020ৰো বাতিলৰ দাবী তুলি ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহক একগোট হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে আহ্বান জনায় ৷ বাঘজানৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উচিত ক্ষতিপূৰণ দিবলৈ অইল কৰ্তৃপক্ষ আৰু চৰকাৰী পক্ষলৈ দাবী উথাপন কৰে সংগঠনটোৱে ৷ লগতে, চৰকাৰে ঘোষণা কৰা স্বায়ত্ব শাষিত পৰিষদত কাকপথাৰ-ডিৰাক সমষ্টিত মটক ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীক সদস্য পদ প্ৰদান কৰিবলৈ মটক জনগোষ্ঠীৰ কেউতা সংগঠন তথা ৰাজ্য চৰকাৰলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: ডুমডুমাত পঞ্চায়ত সদস্যক নৃশংস হত্যা