ETV Bharat / state

কৰুণ : শুই থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ স্বামী-স্ত্ৰী - ডুমডুমা আৰক্ষী

ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড ৷ জীৱন্তে অগ্নিদগ্ধ হয় দুগৰাকী ৷ অগ্নিদগ্ধ হৈ মৃত্যু হোৱা দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

Massive Fire In Doomdoma, Two Dead
ডুমডুমাত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ স্বামী-স্ত্ৰীৰ মৃত্যু
author img

By

Published : Jan 10, 2021, 2:48 PM IST

Updated : Jan 10, 2021, 4:27 PM IST

ডুমডুমা, 10 জানুৱাৰী : ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত হিলিকা চাহ বাগিছাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হয় এটা দম্পতী ।

ঘটনাৰ বিৱৰণ অনুসৰি, ডুমডুমাৰ সমীপৰ হিলিকা চাহ বাগিছাৰ পুৰণা লাইনত থকা মহেশ ভূমিজ নামৰ এজন লোকৰ ঘৰত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড । নিশা শুই থকা অৱস্থাত সংঘটিত হোৱা অগ্নিকাণ্ডত মহেশ ভূমিজৰ লগতে পত্নী মনিকা ভূমিজো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।

কৰুণ : শুই থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ স্বামী-স্ত্ৰী

ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই । আৰক্ষীয়ে ইতিমধ্যে অগ্নিদগ্ধ দুয়োটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে, এই ঘটনাই সমগ্ৰ হিলিকা চাহ বাগিছাতেই শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ দল

Last Updated : Jan 10, 2021, 4:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.