ETV Bharat / state

Fire Incident: দীপাৱলীৰ উচাহৰ মাজতে তিনিচুকীয়াত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 11:08 AM IST

Updated : Nov 13, 2023, 12:34 PM IST

পোহৰৰ উৎসৱ দেৱালীৰ দিনা তিনিচুকীয়াত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত পৰ্বতীয়াত বৃহৎ ক্ষয়-ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে যদিও ন-পুখুৰী ঠাণ্ডাঘৰৰ সমীপত গুদামত সংঘটিত দ্বিতীয়টো অগ্নিকাণ্ডত 50 হাজাৰ টকাৰ সামগ্ৰীৰ লোকচান হয় বুলি জানিব পৰা গৈছে ।

massive fire break out in two places of tinsukia
দীপাৱলীৰ উচাহৰ মাজতে তিনিচুকীয়াত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড

তিনিচুকীয়া, 13 নৱেম্বৰ: চৌদিশে পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে তিনিচুকীয়াত সংঘটিত হৈছে দুটাকৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ প্ৰথমটো অগ্নিকাণ্ডৰ ঘটনা নিশা প্ৰায় 10.30 বজাত পৰ্বতীয়াত সংঘটিত হয় ৷ পৰ্বতীয়াৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সৌৰভ সুৰেখা নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডটো ৷

পৰৱৰ্তী সময়ত উক্ত স্থানত তিনিচুকীয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ উপস্থিত হৈ কেবা ঘণ্টা ধৰি চলোৱা অহৰহ চেষ্টাৰ ফলত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডটোৰ আৰম্ভণিতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱাত জুই অধিক সম্প্ৰসাৰণ হোৱাৰ পৰা ৰক্ষা পৰে আৰু লাখ লাখ টকাৰ সম্পত্তি ৰক্ষা পৰে ৷ অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷

আনহাতে, দীপাৱলীৰ আনন্দৰ মাজতে নিশা তিনিচুকীয়াত সংঘটিত হয় দ্বিতীয়টো অগ্নিকাণ্ডৰ ঘটনা ৷ ন-পুখুৰী ঠাণ্ডাঘৰৰ সমীপৰ মিন্টু কুমাৰ মাহাতো নামৰ এজন লোকৰ এটা গুদামত সংঘটিত হয় দ্বিতীয়টো অগ্নিকাণ্ড ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ তিনিচুকীয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰে যদিও জুইত জাহ যায় গুদামটোৰ অধিকাংশ সামগ্ৰী ৷ ফলত প্ৰায় 50 হাজাৰ টকাৰ সামগ্ৰীৰ লোকচান হয় ।

অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখযোগ্য যে, পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত তিনিচুকীয়াত সংঘটিত হোৱা দুটাকৈ অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ মাজত ৷

লগতে পঢ়ক: Diwali celebration : ফটকাৰ ফিৰিঙতি ছিটিকি দেৱালীৰ নিশা গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Nov 13, 2023, 12:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.