ETV Bharat / state

মাৰ্ঘেৰিটাত গণ অভিৱৰ্তন কাৰ্যসূচী - Margherita latest news

লিডু কেন্দ্ৰীয় ৰংগমঞ্চত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাক জীয়াই ৰখাৰ স্বাৰ্থত এক গণ অভিৱৰ্তন আয়োজন কৰি তেওঁলোকৰ স্থিতি স্পষ্ট কৰা দাবী জনায় ।

Mass convention Program in Margherita
Mass convention Program in Margherita
author img

By

Published : Jun 16, 2020, 8:01 PM IST

মাৰ্ঘেৰিটা, 16 জুনঃ উত্তৰ-পূৱ কয়লাক্ষেত্ৰ, ক'ল ইণ্ডিয়া লিমিটেডক জীয়াই ৰখাৰ স্বাৰ্থত মাৰ্ঘেৰিটাত আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । শেহতীয়াকৈ যোৱা 3 জুন 2020 তাৰিখে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ অধীনত খননত নিয়োজিত মাইনিং কোম্পানী সমূহক এন ই চি/জি এম/2020/34-1 নম্বৰৰ জাননী যোগে মাৰ্ঘেৰিটাৰ প্ৰৱন্ধকগৰাকীয়ে নিৰ্দেশ জাৰি কৰাৰ পিছতে উত্তাল হৈ পৰিছে সমগ্ৰ মাৰ্ঘেৰিটা ।

মাৰ্ঘেৰিটাত গণ অভিৱৰ্তন কাৰ্যসূচী

ক'ল ইণ্ডিয়া কৰ্মচাৰী, মাইনিং কোম্পানীৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাবাসীৰ উপৰিও বিভিন্ন দল সংগঠনেও মাৰ্ঘেৰিটাৰ আৰ্থিক ভেটিৰ স্বৰূপ ক'ল ইণ্ডিয়া লিমিটেডক বৰ্তাই ৰখাৰ বাবে অব্যাহত ৰাখিছে ধৰ্ণা, প্ৰতিবাদ কাৰ্যসূচী ।

মঙলবাৰে তাৰেই এক অংশ হিচাপে লিডু কেন্দ্ৰীয় ৰংগমঞ্চত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটা জীয়াই ৰখাৰ স্বাৰ্থত এক গণ অভিবৰ্তন আয়োজন কৰি তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায় । সন্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য বাখ্যা কৰে সম্পাদক ৰাণাজ্যোতি নেওগে ।

বিশিষ্ট কবি ড° ৰঞ্জিত দত্ত,প্ৰাক্তন আছুৰ নেতা দেৱজিত বৰুৱা,শ্ৰমিক নেতা বিপুল ৰয়, বিশিষ্ট সমাজ সেৱক অশ্বিনী গগৈ, শিক্ষাবিদ সোমেশ্বৰ নেওগ, জাতীয়তাবাদী নেতা অৱনী চলিহা আদি উপস্থিত থকা গণ অভিবৰ্তনৰ আঁ‌তধৰে সাংবাদিক সন্থাৰ মূখপাত্ৰ মানস প্ৰতিম গগৈয়ে ।

প্ৰায় ১০ শতাধিক লোক উপস্থিত থকা সভাখনত ক'ল ইণ্ডিয়াৰ কেইবাটাও শ্ৰমিক সংগঠনৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰি ক'ল ইণ্ডিয়াই ৰাইজৰ বিৰুদ্ধে লোৱা হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই যাব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে চাওকঃ সীমান্তত বাজিছে ভাৰত-চীনৰ যুদ্ধৰ দামামা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.