তিনিচুকীয়া, 23 চেপ্টেম্বৰ: অসম আন্দোলনৰ শ্বহীদ-নির্যাতিত পৰিয়াল বর্গৰ সংগঠন "সদৌ অসম শ্বহীদ-নির্যাতিত পৰিয়াল পৰিষদ" তিনিচুকীয়া জিলা সমিতিয়ে সোমবাৰে ডুমডুমা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ দাবীসমূহ অসম চৰকাৰে পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে ।
পৰিষদে অভিযোগ কৰা মতে যোৱা ইং ৩১-০৮-২০১৯ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালক কৰ্ম সংস্থাপন আৰু নিযুক্তি প্ৰক্ৰিয়া দ্ৰুত গতিত কৰাৰ দাবী তুলি পৰিষদে এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷ উক্ত স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিষদৰ দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি এমাহ ওকলি যোৱাৰ পিছতো পৰিষদৰ দাবীসমূহৰ প্ৰতি চৰকাৰে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত পৰিষদৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে ।
পৰিষদৰ দাবীসমূহৰ প্ৰতি চৰকাৰৰ এনে অৱহেলাৰ মনোভাৱক তীব্ৰ প্ৰতিবাদ জনাই পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে অহা ইং ৩০ চেপ্টেম্বৰ আৰু ১ অক্টোবৰ 2019 তাৰিখে ডুমডুমাত ঘাইপথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ।