ETV Bharat / state

CAB ৰ বিৰোধিতা কৰাৰ বাবেই পোৱা নাই চৰকাৰী সাহাৰ্য

author img

By

Published : Jul 21, 2020, 2:48 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে মাৰ্ঘেৰিটাৰ একাংশ হিতাধিকাৰীক চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ৷

margherita-makum-pathar-panchayat-protest-public
CAB ৰ বিৰোধীতা কৰাৰ বাবে চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত

মাৰ্ঘেৰিটা,21জুলাইঃ "খেনোক দেখি ৰন্ধা বঢ়া খেনোক দেখি দুৱাৰ মৰা" এই নীতিৰে মাৰ্ঘেৰিটা মাকুম পথাৰ গাঁও পঞ্চায়ত চলাৰ অভিযোগ । CAB বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবেই পঞ্চায়তটোৰ একাংশ হিতাধিকাৰী চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ ৷ ইয়াকে লৈ মঙলবাৰে প্ৰায় তিনিশতাধিক ৰাইজ একগোট হৈ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । কৰ’ণা মহামাৰীৰ ফলত একপ্ৰকাৰ খাদ্য সংকটত পৰি লোকসকল অধিক ক্ষোভিত হৈ চৰকাৰে পঞ্চায়তৰ জৰিয়তে প্ৰদান কৰা খাদ্য সামগ্ৰী নাপাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে।

CAB ৰ বিৰোধিতা কৰাৰ বাবেই পোৱা নাই চৰকাৰী সাহাৰ্য

অন্যহাতে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত অৱগত হৈ মাকুম পথাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তক লগ ধৰি পঞ্চায়টোত দীৰ্ঘদিনে চলি থকা স্বজন-তোষণ নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইপিনে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা মহকুমাধিপতিক মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়ত চলি থকা স্বজন-তোষণ নীতিৰ বিৰুদ্ধে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে । মাৰ্ঘেৰিটা মহকুমাধিপতি গৰাকীয়ে তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে পঞ্চায়ত খনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি স্মাৰক পত্ৰ খনৰ জৰিয়তে হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে ।

লগতে পঢ়কঃ সৰ্থেবাৰীৰ কাঁহশিল্পৰ উন্নয়নৰ বাবে 1 কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.