ETV Bharat / state

বনাঞ্চলিক বিষয়াক ধন দাবী ভুৱা সাংবাদিকৰ - মাৰ্ঘেৰিটা

জাগুন বন বিভাগৰ বনাঞ্চলিক বিষয়া পদুম বৰপাত্ৰগোঁহাইক ধন দাবী এটা ব্যক্তিগত ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিক বুলি চিনাকি দিয়া এজন ভুৱা সাংবাদিকৰ ৷

বনাঞ্চলিক বিষয়াক ধন দাবি ভুৱা সাংবাদিকৰ
author img

By

Published : Jun 16, 2019, 7:56 PM IST

Updated : Jun 16, 2019, 8:52 PM IST

মাৰ্ঘেৰিটা,১৬জুন : মাৰ্ঘেৰিটাৰ জাগুনত ভুৱা সাংবাদিকৰ দপদপনি । অঞ্চলটোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বত্বাধিকাৰৰ পৰা আৰম্ভ কৰি বৈধ-অবৈধ শিলৰ কুৱাৰী, বালিৰ মহলৰ মালিকক ব্লেকমেইলিঙেৰে ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে ভুৱা সাংবাদিকৰ বিৰুদ্ধে ।

বনাঞ্চলিক বিষয়াক ধন দাবি ভুৱা সাংবাদিকৰ

শেহতীয়াকৈ জাগুন বন বিভাগৰ বনাঞ্চলিক বিষয়া পদুম বৰপাত্ৰগোহাইক নিজকে এটা ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিক বুলি চিনাকী দি এজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি কৰি আহিছে ধন দাবী । বিভিন্ন ভয়-ভাবুকিৰে মানসিকভাৱে শাস্তি দি লোকজনৰ পৰা ধন লোৱাৰ লগতে শেহতীয়াকৈ বিষয়াজনক এক লাখ টকা দাবী কৰা পাছতেই পোহৰলৈ আহিছে এই ঘটনাটো । তাৎপৰ্যপূৰ্ণ যে, ব্যক্তিগত ৰাষ্ট্ৰীয় চেনেল এটাৰ "লগ" বনাই নিজকে উক্ত চেনেলটোৰ সাংবাদিক বুলি পৰিচয় দি বিভিন্ন উৎসৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে ভুৱা সাংবাদিকজনৰ বিৰুদ্ধে ।

Intro:Special
মাৰ্ঘেৰিটাৰ জাগুনত ভুৱা সাংবাদিকৰ দপদপনি।
oc/vo ঃবৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাত সাংবাদিক নামধাৰী একাংশ ভূৱা সাংবাদিকে বিভিন্ন বৈধ অবৈধ ব্যৱসায়ৰ পৰা ধন দাবী কৰি সাংবাদিক সমাজক কলুষিত কৰা ঘটনা সংঘঠিত হৈছে।অঞ্চলটোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বত্বাধিকাৰকে আদি কৰি বৈধ অবৈধ শিলৰ কোৱাৰী,বালিৰ মহল আদিৰ পৰা ব্লেকমেইলিঙেৰে ধন দাবী কৰি উক্ত ভূৱা সাংবাদিকৰ দলটোৱে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।শেহতীয়াকৈ বন বিভাগৰ জাগুন বন বিভাগৰ বনাঞ্চলিক বিষয়া পদুম বৰপাত্ৰগোহাইক ভয় আৰু ভাবুকী প্ৰদান কৰি এক লাখ টকা দাবী কৰাৰ পাছতে ঘটনাটো অধিক পোহৰলৈ আহে।উক্ত ভূৱা সাংবাদিকৰ দলটোৰ নেতৃত্ব বহন কাৰী যুৱক জনেই হৈছে বিভিন্ন অপৰাধ তথা মাৰপিতৰ ঘটনাত সততে জড়িত হৈ থকা লোক জনেই হৈছে শৰৎ গগৈ। তাৎপৰ্যপূৰ্ণ ঘটনা এই যে ইলেট্ৰনিক মেডিয়া ৰাষ্ট্ৰীয় চেনেল জি নিউজৰ ভূৱা "লগ" বনাই নিজকে উক্ত চেনেলটোৰ সাংবাদিক বুলি পৰিচয় দি ইতিমধ্যে বিভিন্ন উৎসৰ পৰা লক্ষাধিক টকা আত্মহাত কৰিছে।উল্লেখ্য যে,কিছুদিন আগতে মাৰ্ঘেৰিটা ৰাষ্ট্ৰীয় ঘাইপথত গান গাই বাটৰ নাটৰ সৃষ্টি কৰি নিজকে পথাৰ শিল্পী বুলি জাহিৰ কৰা লোহিত গগৈ এইজন দালালৰূপী ভূৱা সাংবাদিক শৰৎ গগৈ বিভিন্ন অপকৰ্মৰ অংশীদাৰ।Body:Byte-RANGER-JAGUNConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
Last Updated : Jun 16, 2019, 8:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.