মাৰ্ঘেৰিটা,৯ এপ্ৰিলঃ মাৰ্ঘেৰিটা মহকুমা পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইনথেমত পথৰ শিল খান্দি বিক্ৰী কৰাক লৈ সৃষ্টি হয় উত্তেজনামূলক পৰিস্থিতিৰ । ইনথেম অঞ্চলৰ কেইবাখনো গাঁৱৰ মানুহে অহা যোৱা কৰা পথ এটা ইনথেমৰ গুদুং উপাধিধাৰী এজন লোকে জেচিবিৰে শিল খান্দি ডাম্পাৰেৰে বিভিন্ন ঠাইত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে । অঞ্চলটোৰ ৰাইজে যোৱা দেওবাৰে পথত শিল খান্দি ডাম্পাৰেৰে লৈ যোৱাত বাধা প্ৰদান কৰে । ৰাইজৰ অভিযোগ মতে উক্ত পথটো আজিৰ পৰা ১০ বছৰ মানৰ পূৰ্বে অইল কোম্পানীয়ে অইল চাৰ্ভে কৰিবলৈ গুদুং উপাধিধাৰী লোকজনৰ পিতৃৰ পৰা উক্ত পথটো লীজত গ্ৰহণ কৰি শিলেৰে সুন্দৰকৈ নিৰ্মাণ কৰি দিছিল ।
আৰু ব্যক্তিজনক ইয়াৰ বাবদ প্ৰদান কৰিছিল উচিত মূল্য । উক্ত পথটোৰে ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে অহা যোৱা কৰি আহিছিল। কিন্তু গুদুং উপাধিৰ ব্যক্তিজনে বলপূৰ্বকভাৱে পথটো তেওঁলোকৰ নামত নামজাৰী থকা বুলি দাবী কৰি পথৰ শিলসমূহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। যাৰফলত পথটো খনন কৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগীয়া হৈছে । সেয়ে অঞ্চলবাসীয়ে উক্ত পথটো ৰাইজৰ স্বাৰ্থত যাতায়ত অব্যাহত ৰাখিবলৈ স্থানীয় বিধায়কৰ যোগেদি চৰকাৰৰ ওচৰত দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।