ETV Bharat / state

মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত কৰ'ণা আতংক - ভ্ৰমন বৃতান্ত নাছিল

মাৰ্ঘেৰিটা অতিৰিক্ত জিলা আৰু চেচন ন্যায়াধীশৰ গাড়ী চালক দ্বিপেন দাসৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰা পিছতেই আতংকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

margherita-covid-19-postive-case-at-session-court
মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত কৰ'ণাক লৈ আতংক
author img

By

Published : Jul 4, 2020, 5:37 PM IST

মাৰ্ঘেৰিটা,4জুলাইঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত কৰ'ণাক লৈ আতংক ৷ অতিৰিক্ত জিলা আৰু চেচন ন্যায়াধীশৰ গাড়ী চালক দ্বিপেন দাসৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰা পিছতেই আতংকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিগত ২ জুলাইৰ নিশা অহা ৰিপৰ্টত চালক জনৰ দেহত কোভিড-19 ৰ অবস্থিতি ধৰা পৰে। ইপিনে ৩ জুলাইত এই কথা জানিব পাৰি আদালতৰ চৌহদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

margherita-covid-19-postive-case-at-session-court
মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত কৰ'ণাক লৈ আতংক

উল্লেখযোগ্য যে, দিপেন দাস যোৱা ২৯ জুনৰ পৰা ১ জুলাই লৈকে মাৰ্ঘেৰিটা আদালত কক্ষলৈ অহা যোৱা কৰি আছিল আনহাতে দ্বিপেনৰ কোনো ভ্ৰমন বৃতান্ত নাছিল বুলি জানিব পৰা গৈছে । শনিবাৰে দ্বিপেন দাসৰ সংস্পৰ্শলৈ অহা ৪০ জনৰো অধিকৰ স্বাৱ সংগ্ৰহ কৰি টেষ্টৰ বাবে প্ৰেৰণ কৰাৰ লগতে সকলোকে তিনিদিনৰ বাবে হ‘ম কোৱাৰেন্টাইনত থাকিবলৈ নিদেৰ্শ প্ৰদান কৰে স্বাস্থ্য বিভাগে ।

অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ 9799 টা হৈছেগৈ ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6327 গৰাকীকৈ লোক ৷ কৰ’ণাত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3455 টা ঘটনা ৷ 3 জুলাইত ৰাজ্যখনত মুঠ 365 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়কঃ সংবাদমেল চলি থকাৰ মাজতেই বাইক লৈ উধাও চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.