মাৰ্ঘেৰিটা, 24ছেপ্তেম্বৰঃ ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ ধৰিছে খিলঞ্জীয়া ভূমি পুত্ৰৰ ওপৰত অনা অসমীয়াৰ বৰ্বৰতা ৷ এইবাৰ ঘটনাৰ স্থান মাৰ্ঘেৰিটা ৷ নিশা কৰ্তব্যৰত অৱস্থাত থকা ক'ল ইণ্ডিয়াৰ এজন সুৰক্ষা কৰ্মী বৰগোলাইৰ নিবাসী হৰেছ গগৈক বিকি সোনাৰ নামৰ এটা দুৰ্বৃত্তই প্ৰাণঘাতি আক্ৰমণ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ স্থানীয় ৰাইজৰ তৎপৰাত কথমপি প্ৰাণ ৰক্ষা পৰে ব্যক্তিজনৰ ৷ হাত আৰু ভৰিত গুৰুত ভাৱে আঘাত প্ৰাপ্ত ব্যক্তিজনক ততাতয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
ইফালে ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তই পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে আজিকোপতি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা স্থানীয় লোক ৷ ইতিমধ্যে আক্ৰমণৰ বলি হোৱা হৰেছ গগৈয়ে দুৰ্বৃত্তক চিনাক্ত কৰি স্থানীয় মাৰ্ঘেৰিটা আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানৰ লৈকে বিকি সোনাৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সম্প্ৰতি সমগ্ৰ ঘটনাই এলেকাটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃ বিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ