তিনিচুকীয়া, 13 জুন : অবৈধভাৱে সুৰা বিক্ৰী কৰিছে শলঠেকত পৰিছে বিলাসী হোটেল ৷ অবৈধভাৱে সুৰা বিক্ৰীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসন, আবকাৰী বিভাগৰ কঠোৰ অভিযান অব্যাহত ৰখাৰ সময়তে তিনিচুকীয়াত ইখনৰ পিছত সিখন বিলাসী হোটেলত ওলমিছে তলা (Luxury hotel sealed in Tinisukia) ৷
শনিবাৰে নিশা তিনিচুকীয়াৰ মাকুম পথত থকা "দ্য মিৰাণা" নামৰ বিলাসী হোটেলখনত অনুজ্ঞাপত্ৰ অবিহনে সুৰা বিক্ৰী কৰাৰ অভিযোগত কাৰ্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মাৰ উপস্থিতিত আবকাৰী বিভাগে অভিযান চলায় ৷ এই এই অভিযানত দলটোৱে হোটেলখনৰ পৰা 50 বটল হুইস্কী, 100 বটল বীয়েৰৰ লগতে বিদেশী সুৰাৰ বটল উদ্ধাৰ কৰে ৷ ইতিমধ্যে কায্যবাহী দণ্ডাধীশে অনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰি বিলাসী হোটেলখন ছীল কৰিবলৈ নিৰ্দেশ দিয়ে (Hotel sealed accused of selling liquor without license)৷
কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে বিলাসী হোটেলখনৰ বিৰুদ্ধে আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ ইফালে যোৱা সপ্তাহত মাকুমস্থিত অন্য এখন বিলাসী হোটেল "দ্য অপুচ্" ত তলা ওলমাই দণ্ডাধীশ নিলুৰাম শৰ্মাই ৷ 2 জুনত নিশা হোটেলখনত দণ্ডাধীশসহ আবকাৰী বিভাগৰ দল উপস্থিত হৈ হোটেলখনত অভিযান চলায় বৃহৎ সংখ্যক সুৰাৰ বটল উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতে 5 জুনত হোটেলখন ছীল কৰে আবকাৰী বিভাগে ৷
লগতে চাওক : ব্ৰাউন চুগাৰসহ দুই মহিলাক আটক ৰে’ল আৰক্ষীৰ