ETV Bharat / state

কয়লা চিণ্ডিকেটৰ ধনেৰে বিজেপিয়ে নিৰ্বাচন খেলিব: লুৰিণজ্যোতি গগৈ

author img

By

Published : Feb 11, 2021, 9:10 PM IST

বিজেপিৰ বিৰুদ্ধে কয়লা চিণ্ডিকেটত জড়িত অভিযোগ লুৰিণজ্যোতি গগৈৰ ৷ সমাগত অসম বিধানসভা নিৰ্বাচনত কয়লা চিণ্ডিকেটৰ ধনেৰে বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ ৷ 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত দলৰ শক্তি প্ৰদৰ্শন কৰি এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে ৷

কয়লা চিণ্ডিকেটৰ ধনেৰে বিজেপিয়ে নিৰ্বাচন খেলিব : লুৰিণজ্যোতি গগৈ

মাৰ্ঘেৰিটা, 11 ফেব্ৰুৱাৰী: কয়লা চিণ্ডিকেটক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ 2016 চনৰ পৰা বিজেপি চৰকাৰে কয়লাৰ চিণ্ডিকেট আৰম্ভ কৰি সমগ্ৰ উত্তৰ পূবৰ কয়লা ক্ষেত্ৰ খনক ধ্বংসৰ গৰাহলৈ থেলি দিয়া বুলি কটাক্ষ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷

অসম বিধানসভা নিৰ্বাচনত অসমত একত্ৰিত আঞ্চলিক শক্তিৰ চৰকাৰ হোৱাটো নিশ্চিত : লুৰিণজ্যোতি গগৈ

বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত নিৰ্বাচনী ৰণশিঙা বজাই ভাষন প্ৰসংগত গগৈয়ে এই মন্তব্য কৰে ৷ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত জাতীয় জাগৰণ সমাবেশত মাৰ্ঘেৰিটাৰ কয়লাৰ ওপৰত ভাষণ প্ৰদান কৰি এই কয়লাৰ ভাগ হিমন্ত আৰু সৰ্বানন্দই পাই কটাক্ষ কৰাৰ লগতে কয়লা চিণ্ডিকেটৰ ধনেৰে বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচন খেলিব বুলিও মন্তব্য কৰে ৷

বিজেপি কাৰোৰে মিত্ৰ নহয় বুলি মন্তব্য কৰি গগৈয়ে জানিবলৈ দিয়ে যে বিপিএফকে ধৰি অন্যান্য আঞ্চলিক ৰাজনৈতিক দল সমূহৰ সৈতে জাতীয় পৰিষদে মিত্ৰতা সন্দৰ্ভত কথা পাতিছে আৰু আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসমত একত্ৰিত আঞ্চলিক শক্তিৰ চৰকাৰ হোৱাটো নিশ্চিত ৷

নিৰ্বাচনত কয়লা চিণ্ডিকেটৰ ধনেৰে বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হ'ব : লুৰিণজ্যোতি গগৈ

উল্লেখ্য যে, 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদে দলৰ শক্তি প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে চাওলুং চ্যুকাফা তোৰণৰ পৰা 315 নং ৰাষ্ট্ৰীয় ঘাই পথেদি মাৰ্ঘেৰিটালৈকে দলৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ বহু নেতা কৰ্মীয়ে শতাধিক বাইক আৰু গাড়ীৰে এক শোভাযাত্ৰা কৰে ৷ শোভাযাত্ৰাৰ পাছতে উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত জাতীয় জাগৰণ সমাবেশ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় ৷

অসম জাতীয় পৰিষদৰ মাৰ্ঘেৰিটা জিলা সমিতিৰ সভাপতি দেৱনাথ বড়োৰ পৌৰহিত্যত সহশ্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক সঞ্জয় দেৱ, উপ সভাপতি ৰাণা চাংমাই সহ দলৰ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে ৷

লগতে পঢ়ক:এম্বুলেঞ্চৰ চালকৰ আসনত বিধায়িকা নন্দিতা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.