ETV Bharat / state

Saikhowaghat palm oil plantation area: ধোঁৱা চাঙত স্বচ্ছ ভাৰত অভিযান; কদৰ্যৰে ভৰি পৰিছে ছৈখোৱাঘাটৰ তৈল খেজুৰ খেতিৰ বীজ ৰোপণৰ স্থান - তৈল খেজুৰ খেতিৰ বীজ ৰোপণৰ কাৰ্যসূচী

৮ আগষ্টৰ পৰা কদৰ্যৰে ভৰি পৰিছে ছৈখোৱাঘাট ৷ স্বচ্ছ ভাৰতৰ কথা কোৱা মন্ত্ৰী-আমোলাই বিনষ্ট কৰিছে পৰিৱেশ ৷ এই ভাষ্য ছৈখোৱাঘাটবাসীৰ ৷ কিয়নো আজিও কদৰ্য ৰূপত পৰি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বাবা ৰামদেৱৰ উপস্থিতিত আয়োজিত সভাথলী ৷

Saikhowaghat palm oil plantation are
৮ আগষ্টৰ পৰা কদৰ্যৰে ভৰি পৰিছে ছৈখোৱাঘাট
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 11:12 AM IST

৮ আগষ্টৰ পৰা কদৰ্যৰে ভৰি পৰিছে ছৈখোৱাঘাট

তিনিচুকীয়া, ২৬ আগষ্ট : মন্ত্ৰী-আমোলাৰ ভ্ৰমণৰ পূৰ্বে তেল-চূণ ঘঁহি চিক্-চিকিয়া কৰা হয় নিৰ্দিষ্ট অঞ্চলটো ৷ যেন বিয়াঘৰৰ ৰভাতলিহে ৷ কিন্তু সভা-সমিতি হৈ যোৱা পাচত কি অৱস্থা হয় সেই নিৰ্দিষ্ট অঞ্চলটো ? খবৰ ৰাখেনে বাৰু বিভাগীয় মুৰব্বীসকলে ৷ আজি আমি ক’বলৈ লৈছো তেনে এটা স্থানৰ কথাই ৷ কিছুদিন পূৰ্বে মন্ত্ৰী-বিধায়কে আহাৰ গ্ৰহণ কৰা স্থান এতিয়া পৰ্যবেশিত হৈছে জাৱৰৰ দ’মলৈ ৷

তথ্য অনুসৰি, চলিত মাহৰ ৮ তাৰিখে তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ ধলাৰ ড৹ ভূপেন হাজৰিকা সেতুৰ সমীপৰ ছৈখোৱাঘাটত অসম চৰকাৰৰ কৃষি বিভাগ, তিনিচুকীয়া জিলা প্ৰশাসন আৰু পতঞ্জলি ফুৰ্ড লিমিটেডৰ উদ্যোগত তৈল খেজুৰ খেতিৰ বীজ ৰোপণৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল ৷ য’ত এই বিশাল সভাৰ অংশ হিচাবে দুই বিঘা ভূমিত তৈল খেজুৰৰ বীজ ৰোপণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, যোগ গুৰু বাবা ৰামদেৱ আৰু মন্ত্ৰী অতুল বৰাই ৷

উক্ত অনুষ্ঠানৰ সুকলমে সামৰণি পৰিছিল ৷ এই অনুষ্ঠানত উপস্থিত প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজক পনীৰ, দালী ইত্যাদি ব্যঞ্জনেৰে জুতি লগাই খোৱাইছিল এসাঁজ ৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল ৷ কিন্তু আপুনি বাৰু জানেনে কেনে আছে ঠাইডোখৰ ?

ভাত-পানী খাই মন্ত্ৰী-আমোলা গ’ল; পিঠি দিলে উক্ত ঠাইডোখৰলৈ; আজিও পৰিস্কাৰ নহ’ল সেই স্থানডোখৰ ৷ ফলত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতেই এতিয়া দিন অতিবাহিত কৰিব লগাত পৰিছে স্থানীয় ৰাইজে ৷ ছৈখোৱাঘাটত সভা আয়োজন কৰা স্থানত আজিও পৰি ৰৈছে প্লাষ্টিকৰ খোৱাপানীৰ বটল, প্লেট, গ্লাছ ইত্যাদি ৷ এক দুৰ্গন্ধময় পৰিৱেশতেই পশুধনে ঘাঁহ খাই আক্ৰান্ত হৈছে বিভিন্ন ৰোগত ৷

আনকি মৃত্যুও হৈছে বহু পশুধনৰ ৷ অসুস্থ হৈছে গাঁৱৰ বহু লোকো ৷ স্বচ্ছ ভাৰত অভিযানৰ কথা কোৱা চৰকাৰৰ এনে কৰ্মকাণ্ডই এতিয়া চকু কঁপালত তুলিছে সচেতন লোকৰ ৷ সাধাৰণ ৰাইজৰ মাজত উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷

লগতে পঢ়ক : Success of Chandrayaan-3 : আনন্দৰ জোৱাৰ ISRO ৰ বৈজ্ঞানিক নিধি শৰ্মাৰ শহুৱেকৰ বাসগৃহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.