ETV Bharat / state

অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ কাকপথাৰবাসীৰ অনন্য প্ৰয়াস

author img

By

Published : Aug 20, 2020, 9:35 AM IST

প্ৰবাদ অনুসৰি হালবোৱা, কঠিয়া তোলা আৰু ৰোৱাকে ধৰি তিনিটা মাহ অশেষ কষ্টৰ পাছত এই নাঙল ধোৱা পিঠা খালে শৰীৰৰ সমগ্ৰ দুখ, ভাগৰ, কষ্ট নাশ হয় ৷

local festival 'nangol dhua' celebration by farmers at Kakopather
অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ কাকপথাৰবাসীৰ অনন্য প্ৰয়াস

শদিয়া, 20আগষ্টঃ খেতিয়েই চহা কৃষকৰ জীৱনৰ মূল কৰ্ম ৷ গাঁৱৰ চহা খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই ৰদে-বৰষুণে অশেষ কষ্টৰে নিজৰ লগতে লাখ লাখ জনতাৰ বাবে উৎপাদন কৰে ধান ৷ খেতিয়েই খেতিয়কৰ মান খেতিয়েই খেতিয়কৰ প্ৰাণ ৷ গাঁৱলীয়া চহা কৃষক ৰাইজে কঁঠিয়া ৰোৱাৰ সময়ত ন-ভূঁই পৰ্বৰে পৰা তিনিটা মাহ অশেষ কষ্টৰ পাছত ভূঁই ৰোৱা সামৰাৰ অন্তত নাঙল যুঁৱলিকে আদি কৰি মাছ ধৰাত ব্যৱহৃত জাকৈ, পলহ আদি সকলো ভালদৰে ধুই পখালি ভড়ালৰ এচুকত সন্মানেৰে যতনাই ৰাখে ৷

এই সময়তে পূৰ্বৰে পৰা প্ৰচলিত গাঁৱৰ কৃষকসকলে পালন কৰে নাঙল ধোৱা পিঠা খোৱা পৰম্পৰা ৷ প্ৰবাদ অনুসৰি হালবোৱা, কঁঠিয়া তোলা আৰু ৰোৱাকে ধৰি তিনিটা মাহ অশেষ কষ্টৰ পাছত এই নাঙল ধোৱা পিঠা খালে শৰীৰৰ সমগ্ৰ দুখ, ভাগৰ, কষ্ট নাশ হয় ৷ কিন্তু সময়ৰ সোঁতত আজিৰ প্ৰজন্মই যেন পাহৰি পেলাইছে এই ঐতিহাসিক পৰম্পৰা ৷ আৰু এই পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে কাকপথাৰৰ এচাম যুৱকে ৷ বিগত কেইবছৰমানৰ পৰা কাকপথাৰ চেঙেলীজান গাঁৱৰ যুব সংঘই গাঁওখনৰ বৃদ্ধ-বৃদ্ধা, যুৱক-যুৱতী, শিশুসকলৰ লগতে সমূহ ৰাইজক একত্ৰিত কৰি গাঁওখনৰ নামঘৰত ধৰ্মীয় ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰে ৰাজহুৱাকৈ নাঙল ধোৱা, পিঠা খোবা পৰ্ব ৷

গাঁওখনৰে কৃষকে জানিবলৈ দিয়ে যে, গাঁৱৰ ৰাইজে মহামাৰী কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনো ধৰণৰ মাস্কৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ৷ যিহেতু পূৰ্বৰে পৰা অসমীয়া ৰাইজে গাঁও সমূহত বিভিন্ন মাংগলিক কাৰ্যত হাত মিলোৱাৰ সলনি নমস্কাৰ দিয়ে, মুখত গামোছা মেৰিয়াই লয় ৷ সেই গতিকে অসমীয়া ৰাইজৰ বাবে গামোছাই এই মাস্কৰ প্ৰয়োজনীয়তা পূৰণ কৰিব ৷ কাকপথাৰৰ অসম-অৰুনাচল সীমান্তৰ চেঙেলী জান গাঁৱৰ যুৱকসকলে অব্যাহত ৰখা নিজ পৰম্পৰা জীয়াই ৰখাৰ এই প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয় কাৰ্য ৷

লগতে পঢ়কঃ ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.