ETV Bharat / state

অন্তিম যাত্ৰাত ছাত্ৰ নেতা পল্লৱজ্যোতি মৰাণ

author img

By

Published : Dec 30, 2019, 5:40 PM IST

দেওবাৰে এক পথ দুৰ্ঘটনাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সাঃসম্পাদক পল্লৱজ্যোতি মৰাণে মৃত্যুক আকোঁৱালি লয় ৷ দেওবাৰে এক শোকাকুল পৰিৱেশৰ মাজত সহস্ৰাধিক জনতাই অন্তিম বিদায় জনাই ছাত্ৰ নেতা জনক ৷

sadiya
শদিয়া

শদিয়া, 30 ডিচেম্বৰঃ ৰুদ্ধ হ’ল এটা জাতীয়তাবাদী সংগ্ৰামী কণ্ঠ ৷ দেওবাৰে অৰুণাচল প্ৰদেশৰ নামচাইত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পল্লৱজ্যোতি মৰাণ ৷ এই দুৰ্ঘটনাত আন তিনিগৰাকী সতীৰ্থও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

তথ্য অনুসৰি নামচাই পেট্ৰ'ল পাম্পৰ পৰা পেট্ৰ'ল ভৰাই উভতি আহোতে পল্লৱে বহি থকা মাৰুতি এল্ট গাড়ীখনে অৰুনাচল বিশ্ববিদ্যালয়ৰ সমীপত এখন ধান কঢ়িওৱা ট্ৰেক্টৰত খুন্দা মাৰে ৷ যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাবলগীয়া হয় ছাত্ৰ নেতাজনে ৷ লগতে গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁৰ সতীৰ্থ আৰোহী সকল ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় ৷

পথ দুৰ্ঘটনাত নিহত ছাত্ৰ নেতা পল্লৱজ্যোতি মৰাণ

ইপিনে সোমবাৰে মৰনোত্তৰ পৰীক্ষাৰ পাচত পল্লৱৰ মৃতদেহটো কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ প্ৰায় দুই শতাধিক বাইক আৰু গাড়ীৰে এক বৃহৎ সমদল কৰি আদৰি অনা হয় ৷ কাৰ্যালয়টোত তেওঁৰ মৃতদেহত মাল্যাৰ্পণেৰে তেওঁক অন্তিম বিদায় জনোৱা হয় ৷ আনহাতে কাকপথাৰ CAA বিৰোধী প্ৰতিবাদস্থলীত আছু, যুৱ-ছাত্ৰ পৰিষদ, মটক, চুতীয়া ইত্যাদি দল সংগঠনৰ লগতে বিভিন্ন জনে অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনায় ছাত্ৰ নেতাজনক ৷ ইয়াৰ পাচতেই পোনে পোনে ছাত্ৰ নেতাজনৰ মৃতদেহটো তেওঁৰ নিজ গৃহ তেজিপথাৰ গাঁৱলৈ লৈ যোৱা হয় ৷ অতি অমায়িক আৰু ভদ্ৰ স্বভাৱৰ ছাত্ৰ নেতাজনক অন্তিম বাৰৰ বাবে এবাৰ চাবলৈ গাঁৱৰ হাজাৰ হাজাৰ লোকে ভিৰ কৰেহি ৷ সকলোৰে চকুত চকু পানী আৰু কান্দোনৰ ৰোলে সমগ্ৰ পৰিৱেশ শোকাকুল কৰি তোলে ৷

লগতে পঢ়ক - বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'

Intro:Slug--শোকাকুল পৰিবেশৰ মাজত হাজাৰ হাজাৰ জনতাই অন্তিম বিদায় জনালে দুৰ্ঘটনাত নিহত ছাত্ৰ নেতা পল্লৱক

কাকপথাৰ : :V/O-- ৰুদ্ধ হ’ল এটা জাতীয়তাবাদী সংগ্ৰামী কণ্ঠ ৷ কন্দুৱাই থৈ গ’ল সকলোকে ৷ যোৱা ২৯ ডিচেম্বৰ তাৰিখে অৰুনাচল প্ৰদেশৰ নামচাইত সংঘটিত হ’ল এক ভয়ংকৰ পথ দূৰ্ঘটনা ৷ থিতাতে নিহত হ’ল সদৌ মৰাণ ছাত্ৰ সন্হা কাকপথাৰ আঞ্চলিক সমিতিৰ সাঃসম্পাদক পল্লবজ্যোতি মৰাণ আৰু গুৰুত্বৰ ভাৱে আহত হ’ল অন্য তিনিগৰাকী সতীৰ্থ আৰোহী ৷ নামচাই পেট্ৰল পাম্পৰ পৰা পেট্ৰল ভৰাই উভতি আহোতে পল্লবে বহি থকা মাৰুতি এল্ট গাড়ী খনে অৰুনাচল বিশ্ববিদ্যালয়ৰ সমীপত এখন ধান কঢ়িওৱা ট্ৰেক্টৰত খুন্দা মৰাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাব লগা হয় ছাত্ৰ নেতা জনে ৷ লগতে গুৰত্বৰ ভাৱে আঘাট প্ৰাপ্ত সতীৰ্থ সকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় তিনিচুকীয়ালৈ ৷ আজি পল্লৱৰ মৰোনোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্হাৰ কাৰ্যালয়লৈ প্ৰায় দুই শতাধীক বাইক গাড়ীৰে এক বৃহৎ কৰি আদৰি আনি মৃতদেহত মাল্যাৰ্পণেৰে অন্তিম বিদায় জনোৱা হয় ৷ তাৰ পাছতেই কাকপথাৰ "কা" বিৰুধী প্ৰতিবাদস্থলীত আছু, যুৱ-ছাত্ৰ পৰিষদ, মটক, চুতীয়া ইত্যাদি দল সংগঠনৰ লগতে বিভিন্ন জনে অশ্ৰুশিক্ত চকুৰে অন্তিম বিদায় জনায় ছাত্ৰ নেতাজনক ৷ ইয়াৰ পাছতেই পোনে পোনে ছাত্ৰ নেতা জনৰ মৃতদেহ লৈ যোৱা হয়
নিজ গৃহ তেজিপথাৰ গাঁৱলৈ ৷ অতি অমায়িক আৰু ভদ্ৰ স্বভাৱৰ ছাত্ৰ নেতা জনক অন্তিম বাৰৰ বাবে এবাৰ চাবলৈ গাঁৱৰ হাজাৰ হাজাৰ লোকে ভিৰ কৰেহি ৷ সকলোৰে চকুত চকু পানী আৰু কান্দোনৰ ৰোলে পৰিবেশ শোকাকুল কৰি তোলে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.