ETV Bharat / state

তিনিচুকীয়াত সক্ৰিয় IPLৰ বৃহৎ জুৱাৰী চক্ৰ

সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ অভিযোগ, বিকাশ বেৰীয়া আৰু তেওঁৰ ভাতৃয়ে চলাই আহিছে এই জুৱাৰ চক্ৰ ৷ দুই ভাতৃয়ে তিনিচুকীয়া জিলাৰ চিৰাপতি, লোহিয়া ৰোড, হিযুগুৰি লংকেশ্বৰ গোহাঁই নগৰ, হিযুগুৰি ১নম্বৰ গেট, পানীতোলা, দিনজান, পৰ্বতীয়া আদি ঠাইত বুকিৰ যোগেদি নিয়ন্ত্ৰণ কৰি আহিছে IPLৰ জুৱা ৷

Large gambling cycle of IPL active in Tinsukia
তিনিচুকীয়াত সক্ৰিয় IPLৰ বৃহৎ জুৱাৰী চক্ৰ
author img

By

Published : Sep 24, 2020, 10:24 PM IST

Updated : Sep 25, 2020, 2:27 AM IST

তিনিচুকীয়া, 24ছেপ্তেম্বৰ : দেশজুৰি IPLৰ উচাহৰ মাজতে সক্ৰিয় হৈ পৰিছে বৃহৎ জুৱাৰী চক্ৰ ৷ তিনিচুকীয়া জিলাতো পোহৰলৈ জুৱাৰী চক্ৰৰ তথ্য ৷ জানিব পৰা মতে, তিনিচুকীয়া মানৱ কল্যাণ ভৱন পথৰ এটা ফ্লেটৰ ৪নং মহলাৰ এটা বিশেষ কোঠাৰ পৰা নিয়ন্ত্ৰিত হৈছে IPLৰ জোৱাৰ বৃহৎ চক্ৰটো ।

তিনিচুকীয়াত সক্ৰিয় IPLৰ বৃহৎ জুৱাৰী চক্ৰ

সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ অভিযোগ, বিকাশ বেৰীয়া আৰু তেওঁৰ ভাতৃয়ে চলাই আহিছে এই জুৱাৰ চক্ৰ ৷ দুই ভাতৃয়ে তিনিচুকীয়া জিলাৰ চিৰাপতি, লোহিয়া ৰোড, হিযুগুৰি লংকেশ্বৰ গোহাঁই নগৰ, হিযুগুৰি ১নম্বৰ গেট, পানীতোলা, দিনজান, পৰ্বতীয়া আদি ঠাইত বুকিৰ যোগেদি নিয়ন্ত্ৰণ কৰি আহিছে IPLৰ জুৱা ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সংগ্ৰামী যুৱ ছাত্র পৰিষদে তিনিচুকীয়া প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ৷

তিনিচুকীয়াত আই পি এল জুৱা সম্পৰ্কে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত ।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

ইফালে বিভিন্ন সময়ত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়োৱা তিনিচুকীয়াৰ সফল ব্যৱসায়ী বিকাশ বেৰিয়াৰ ওপৰত বিভিন্ন পক্ষই কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মনে সজা বাতৰি পৰিবেশন কৰা বুলিও একাংশই অভিযোগ তুলিছে ৷ বৃস্পতিবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ পৰিষদে প্ৰকাশিত বাতৰিৰ সন্দৰ্ভত কোনো সত্যতা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপযুক্ত তথ্য প্ৰমাণ আছে তেতিয়া হলে তথ্যসমৃদ্ধ বাতৰি পৰিৱেশন কৰিবলৈকো সংবাদ মধ্যমক কেইটাক প্ৰত্যাহ্বান জনাইছে ছাত্ৰ সংগঠন দুটাই ৷

মটক যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

তিনিচুকীয়াৰ যুৱ ব্যৱসায়ী বিকাশ বেৰিয়া আৰু ভাতৃৰ বিৰুদ্ধে আই পি এলৰ নামত জুৱা খেলোৱাৰ অভিযোগ উত্থাপন কৰি কেইটামান নিৰ্দিষ্ট সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে বাতৰিৰ সত্যতা কিমান তাকলৈও উত্থাপিত হৈছে প্ৰশ্ন ।

লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

Last Updated : Sep 25, 2020, 2:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.