ETV Bharat / state

Special Story: এখন যাদুকৰী হাত, যাৰ হাতত শাক-পাচলিত জিলিকে অলেখ প্ৰতিচ্ছবি

author img

By

Published : Aug 2, 2023, 8:58 PM IST

অসাধ্য সাধন কৰিবলৈ লাগে মাঁথো এটা সৃষ্টিশীল মন ৷ সৃষ্টিশীল মনৰ মানুহে এটা জড় পদাৰ্থকো ভিন্ন ৰূপ দিব পাৰে ৷ এটা সৃষ্টিশীল মনৰ অধিকাৰী এইগৰাকী লক্ষ্য ফুকন (33) ৷

Lakhya phukans special fruit cutting talent
এখন যাদুকৰী হাত
এখন যাদুকৰী হাত

তিনিচুকীয়া, ২ আগষ্ট: প্ৰতিভা সকলোৰে থাকে ৷ কিন্তু প্ৰতিভা বিকাশ কৰিবলৈ লাগে মাথো এখন মাধ্যম ৷ কোনোবাই উপযুক্ত মাধ্যম লাভ কৰি প্ৰতিভাসমূহ সহজতেই বিকাশ কৰি সফলতাৰ শিখৰ স্পৰ্শ কৰে আৰু আন বহুজনে এখন মাধ্যমৰ অভাৱত প্ৰতিভা বিকাশৰ পৰা বঞ্চিত হয় ৷ কিন্তু সামাজিক মাধ্যমৰ এই উত্তৰণৰ সময়ত প্ৰতিভা বিকাশ এতিয়া সহজ হৈ পৰিছে ৷ সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহ হৈ পৰিছে প্ৰতিভা বিকাশৰ এতিয়া একো একোখন উপযুক্ত মঞ্চ ৷ বহুজনে ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিভা বিকাশ কৰি সফলতাৰ শিখৰ স্পৰ্শ কৰিছে ৷

আজি আমি এজন বিশেষ ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰাই দিম ৷ যিজন ব্যক্তিৰ প্ৰতিভাই আপোনাৰো দেহ মন শাঁত পেলাই দিব ৷ প্ৰত্যেকজন লোকৰ কিবা নহয় কিবা প্ৰতিভা থাকে ৷ কিন্তু অসাধ্য সাধন কৰিবলৈ লাগে মাঁথো এটা সৃষ্টিশীল মন ৷ সৃষ্টিশীল মনৰ মানুহে এটা জড় পদাৰ্থকো ভিন্ন ৰূপ দিব পাৰে ৷ এটা সৃষ্টিশীল মনৰ অধিকাৰী এইগৰাকী লক্ষ্য ফুকন (33) ৷ তিনিচুকীয়াৰ এখন ৰিজৰ্টত কৰ্মৰত চাবুৱাৰ বাসিন্দা লক্ষ্য ফুকনৰ প্ৰতিভা অসাধাৰণ ৷ লক্ষ্যৰ আছে অলেখ সপোন ৷

বিভিন্ন শাক-পাচলি, ফল-মূলৰ মাজত সপোন ৰচে লক্ষ্য ফুকনে ৷ লক্ষ্যই ৰিজৰ্টত কৰ্মৰ জৰিয়তে পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালভাৱে নিজৰ হাতৰ যাদুৰে গ্ৰাহকসকলৰ মনো মোহিবলৈ সক্ষম হৈছে ৷ লগতে বিভিন্ন শুভাকাংক্ষীৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিয়া, অন্যান্য পাৰ্টী আদিত খাদ্য সম্ভাৰৰ মাজতে জুতি লোৱা ব্যক্তিসকলক খাদ্যৰ সোৱাদৰ লগতে চকুৰ সোৱাদৰো এক বিশেষ আমোদ দিবলৈ সক্ষম হৈছে ৷

আমি খাই ভাল পোৱা তৰমুজ, কেপচিকাম, গাজৰ, বীট আৰু ৰঙালাও আদিত বিভিন্ন ছবি খোদিত কৰি আহিছে লক্ষ্যই ৷ লক্ষ্যৰ নিপুণ হাতেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি, ভগৱানৰ ছবি, শুভেচ্ছা বাৰ্তা, ফুল, ফল আদি নানা প্ৰকাৰৰ ছবি প্ৰাণ পাই উঠে তৰমুজ আৰু ৰঙালাওত ৷

তিনিচুকীয়াৰ ৰিজৰ্টখনত নিজা দায়িত্ব পালনৰ উপৰিও অন্যান্য বিয়া-পাৰ্টীত এনে কৰ্মৰ জৰিয়তে 3 হেজাৰ টকাৰ পৰা 10-12 হেজাৰ টকা মূল্য লাভ কৰে ফুকনে ৷ মাথোঁ নিজৰ প্ৰচেষ্টাত আয়ত্ত কৰা এই সৃষ্টিশীলতাক কেৱল নিজৰ মাজতে সীমাবদ্ধ নাৰাখি ইতিমধ্যে লক্ষ্য ফুকনে কেইবাখনো বিদ্যালয়ত কণ কণ শিশুসকলক লৈ কৰ্মশালাও অনুষ্ঠিত কৰিছে ৷ নিজৰ প্ৰতিভা আৰু সৃষ্টিৰাজিৰ জৰিয়তে লক্ষ্য এতিয়া বহুজনৰ বাবে হৈ পৰিছে আদৰ্শ ৷

লগতে পঢ়ক: Cattle smuggling:আমচৈত দুৰ্ঘটনাত পতিত চোৰাংকৈ গৰু কঢ়িওৱা বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.