ETV Bharat / state

কাকপথাৰত মহিলাক হত্যাৰ অভিযোগঃ স্বামীসহ আটক তিনিজন

যোৱা ২৪ ডিচেম্বৰ তাৰিখে কাকপথাৰৰ কাঁচিজান গাঁৱৰ কান্তেশ্বৰ মৰাণ আৰু তুলুকী মৰাণৰ কন্যা ইউটি মৰাণে স্বামী নৱকান্ত মৰাণ আৰু শাহু কুসুমপ্ৰভা মৰাণৰ অত্যাচাৰ সহিব নোৱাৰি কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ৷ ইয়াৰ পিছতে ইউটি মৰাণক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু মুখত পৰে মহিলাগৰাকী ৷

author img

By

Published : Dec 29, 2020, 8:52 PM IST

kakopothar-murder-case
কাকপথাৰত মহিলাক হত্যাৰ অভিযোগঃ স্বামীসহ আটক 3

শদিয়া, 29 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰত এগৰাকী মহিলাৰ মৃত্যুক লৈ স্বামী গৃহৰ ওপৰত হত্যাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ পৰিয়ালে ৷

জানিব পৰা মতে, যোৱা ২৪ ডিচেম্বৰ তাৰিখে কাকপথাৰৰ কাঁচিজান গাঁৱৰ কান্তেশ্বৰ মৰাণ আৰু তুলুকী মৰাণৰ কন্যা ইউটি মৰাণে স্বামী নৱকান্ত মৰাণ আৰু শাহু কুসুমপ্ৰভা মৰাণৰ অত্যাচাৰ সহিব নোৱাৰি কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ৷ ইয়াৰ পিছতে ইউটি মৰাণক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু মুখত পৰে মহিলাগৰাকী ৷

পৰৱৰ্তী সময়ত মৃত ইউটিৰ পিতৃ গৃহৰ তৰফৰ পৰা আৰক্ষীক নিজ কন্যাক হত্যা কৰাৰ অভিযোগত স্থানীয় টঙনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ মহিলাগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত মৃত ইউটিৰ স্বামী নৱকান্ত মৰাণ, শাহু আৰু স্বামীৰ ককায়েকক টঙনা আৰক্ষীয়ে আটক কৰিছে ৷

মৃত মহিলা গৰাকীৰ ভগ্নীয়ে সংবাদমাধ্যমৰ আগত আগবঢ়োৱা ভাষ্য অনুসৰি, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ত স্বামীসহ পৰিয়ালটোৱে ইউটিক কেনেধৰণৰ শাৰীৰিক অত্যাচাৰ কৰিছিল সেইয়া বৰ্ণনা কৰিছিল ৷ তাৰ ভিত্তিতে উক্ত ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷ পৰিয়ালক লোকে এতিয়া ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে স্কাইৰোছ যুদ্ধখেলত ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.