কাকপথাৰ,28 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৰডিৰাক খাটোৱাল গাৱঁৰ ৬জন শিক্ষিত উদ্যমী যুৱকৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা ৷ এই 6 যুৱকৰ আশাশুধীয়া প্ৰচেষ্টাতে প্ৰায় তিনি হেক্টৰ মাটিত প্ৰাণ পাই উঠিছে "সূৰুযমুখী কৃষি ফাৰ্ম" ৷ চৰকাৰৰ কৃষি বিভাগে প্ৰদান কৰা বীজেৰে নৱেম্বৰ মাহত আৰম্ভ কৰা ফুলৰ খেতিডৰাত বৰ্তমান ফুলসমূহ পকি সৰিবলৈ আৰম্ভ কৰিছে যদিও ৰপ্তানিৰ বাবে বজাৰৰ অভাৱত চিন্তিত হৈ পৰিছে যুৱককেইজন ৷ ফুলসমূহ ৰপ্তানিৰ বাবে ৰাজ্য চৰকাৰৰ কৃষি বিভাগ, স্থানীয় কৃষি কাৰ্যালয়ৰ লগতে বিভিন্ন ব্যৱসায়ীৰ লগত যোগাযোগ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই যুৱককেইজনে ৷
উল্লেখ্য যে, সূৰ্যমুখী তথা বেলি ফুলৰ পৰা নিত্যপ্ৰয়োজনীয় কেইবাবিধো তেল, চাবোন, মলম, আতৰৰ উপৰিও বিভিন্ন ধৰণৰ ৰং ইত্যাদি প্ৰস্তুত কৰা হয় ৷ সেয়েহে চৰকাৰ তথা কৃষি বিভাগলৈ যুৱক কেইজনৰ কাতৰ আহ্বান, ফুলসমূহ ৰপ্তানিৰ যোগেদি এখন বজাৰৰ ব্যৱস্থা কৰি দি তেওঁলোকক কৃষিৰ যোগেদি স্বাৱলম্বী হোৱাত সহায় কৰিলে ভৱিষ্যতে ইয়াতকৈ বহুলভাবে এনে খেতি কৰাৰ পৰিকল্পনা কৰিছে যুৱককেইজনে ৷ নিজৰ গাঁঠিৰ ধন ভাঙি ব্যতিক্ৰমী ধৰণে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা হাতত লোৱা যুৱককেইজনৰ সহায়ৰ বাবে চৰকাৰ তথা কৃষি বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব ৷
লগতে পঢ়ক-ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু