ETV Bharat / state

টেঙাপানীৰ "জুবিন গাৰ্গ সেতু" ভাঙিলে অৰুণাচল আৰক্ষীয়ে - টেঙাপানী গাঁও

বহিঃৰাজ্যৰ আৰক্ষীয়ে কিয় ভাঙিলে জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা সেতু ! ঘটনাক কেন্দ্ৰ উত্তেজিত স্থানীয় ৰাইজ ৷

ETV BHARAT
টেঙাপানীৰ "জুবিন গাৰ্গ সেতু" ভাঙিলে অৰুণাচল আৰক্ষীয়ে
author img

By

Published : Apr 16, 2020, 6:08 PM IST

শদিয়া, 16 এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক টেঙাপানীৰ "জুবিন গাৰ্গ সেতু" ভাঙিলে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ৷ কিয় দলং খন বহিঃৰাজ্যৰ আৰক্ষীয়ে ভাঙি থৈ গ'ল,সেইয়া বৰ্তমানৰলৈকে জানিব পৰা হোৱা নাই ৷

টেঙাপানীৰ "জুবিন গাৰ্গ সেতু" ভাঙিলে অৰুণাচল আৰক্ষীয়ে

১২৬নং শদিয়া বিধানসভা সমষ্টিৰ অন্তগত সীমান্তৱতী টেঙাপানী গাৱঁৰ বাসিন্দাই গাঁঠিৰ ধন ভাঙি বাহেঁৰে সাজিছিল এখন দলং ৷ উক্ত দলংখন নামকৰণ কৰিছিল জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ সেতু নামেৰে ৷ কিন্তু লক ডাউনৰ সময়ছোৱাত উক্ত দলংখন যাতায়াতৰ বাবে বন্ধ আছিল ৷ বিহুৰ তিনিদিনৰ বাবে স্থানীয় ধলা আৰক্ষী থানাৰ লগত যোগাযোগ কৰি ৰাইজে পুনৰ যাতায়াতৰ বাবে খুলি ৰাখিছিল উক্ত দলঙখন ৷ কিন্তু দুৰ্ভাগ্যবশত অৰুণাচল আৰক্ষীয়ে কোনো জাননী নিদিয়াকৈ দলংখন ভাঙি পেলাই ৷ উক্ত ঘটনাটোক লৈ এতিয়া উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, দলঙখনৰ সিপাৰে সীমান্তৱতী টেঙাপানী নামেৰে এখন গাৱঁত ১২০টা অসমীয়া পৰিয়ালে বসবাস কৰে ৷ আনহাতে লক ডাউনৰ নীতি-নিয়ম অমান্য কৰি কোনো লোক দলঙেৰে অসমৰ সীমান্তত প্ৰৱেশ কৰা নাছিল ৷ কিন্তু কিয় অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে দলংখন এইদৰে ভাঙি দিয়ে সেইয়া এক ডাঙৰ প্ৰশ্ন উঠিছে সচেতন মহলত ৷ আনহাতে,অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে উদ্ধোধন কৰিবলৈ অহাৰ আগদিনাই অসুস্থ হৈ পৰা ফলত সংবাদ শিৰোনামা দখল কৰিছিল উক্ত দলঙখনে ৷ এইদৰে অসমত প্ৰৱেশ কৰি চুবুৰীয়া ৰাজ্যৰ আৰক্ষীয়ে দলং খন ভাঙি পেলোৱাৰ ঘটনাই ভৱিষ্যতে কি ৰূপ লয় সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক- মাজুলী,গাোলাঘাট,জনীয়াকে ধৰি বিভিন্ন প্ৰান্তত ধুমুহাৰ সংহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.