ETV Bharat / state

Jewelry theft incident: গহনা কিনিবলৈ আহি সোণৰ ফুলি লৈ উধাও মহিলা - Jeweler owner on theft incident

CCTV ত বন্দী গহনাৰ বিপণিত গহনা চুৰিৰ দৃশ্য ৷ ডুমডুমাৰ এখন গহনাৰ দোকানত মহিলাই সোণৰ ফুলি চুৰি কৰি নিয়াৰ ঘটনা সংঘটিত হৈছে (Jeweler owner on theft incident) ৷

Jewelry theft incident recorded in cctv at Doomdooma
গহনাৰ দোকানৰ পৰা সোণৰ ফুলি চোৰ কৰি উধাও মহিলা
author img

By

Published : Jan 22, 2023, 3:31 PM IST

গহনাৰ দোকানৰ পৰা সোণৰ ফুলি চোৰ কৰি উধাও মহিলা

তিনিচুকীয়া, 22 জানুৱাৰী: ডুমডুমাত জুৱেলাৰীৰ দোকানত গহনা চোৰৰ ৰূপত মহিলা (Theft incident at Doomdooma) ৷ CCTV ত বন্দী হৈছে সমগ্ৰ দৃশ্য ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এখন জুৱেলাৰীৰ দোকানত সংঘটিত হোৱা এক চুৰি কাৰ্যই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নগৰখনৰ নেহৰু পথত অৱস্থিত বৈষ্ণৱ জুৱেলাৰী নামৰ গহনা দোকানখনত ১৩ জানুৱাৰীত এই চুৰিকাণ্ডটো সংঘটিত হৈছিল (Jewelry thief at Doomdooma)৷

জুৱেলাৰীখনৰ গৰাকীৰ ভাষ্য- "আমাৰ দোকানখনত প্ৰতিদিনে দুইৰ পৰা তিনিজন গ্ৰাহক থাকে ৷ ঘটনাটোৰ দিনাও দোকানত দুই তিনিজন গ্ৰাহক থকাৰ মাজতে এগৰাকী মহিলা খৰখেদাকৈ সোমাই আহিছিল ৷ তেওঁ আহিয়েই মোৰ ভাইটিক এটা আঙুঠি দেখুৱাবলৈ ক’লে ৷ তেওঁ আঙুঠি চাই থকাৰ মাজতে মোক কাণফুলি দেখুৱাবলৈ ক’লে ৷ প্ৰায় আধাঘণ্টামান তেওঁ গহনা চাই যদিও তেওঁৰ পচন্দ নহয় ৷

তাৰ মাজতে তেওঁ বাওঁহাতেৰে এযোৰ ফুলি লুকুৱাই ল‘লে ৷ বেলেগ গ্ৰাহক আছিল যদিও মোৰ অলপ সন্দেহ হোৱাত মই বেলেগ চলেৰে তেওঁৰ ফোন নম্বৰটো ৰাখি ল’লো ৷ ইয়াৰ পিছতো মহিলাগৰাকীৰ পচন্দ নোহোৱাত মই তেওঁক পিছত আহিবলৈ ক’লো ৷ মহিলাগৰাকীৰ কাণ্ড দেখি অন্য গ্ৰাহকৰো সন্দেহ ওপজাত আমাক তেওঁলোকেও পিছত কেমেৰাটো পৰীক্ষা কৰিবলৈ দিলে ৷ আমি পৰৱৰ্তী সময়ত কেমেৰাটো চাওঁতেই জোলোঙাৰ মেকুৰী ওলাই পৰে ৷" গহনা দোকানৰ স্বত্বাধিকাৰীয়ে দোকানত হোৱা চুৰিকাণ্ডৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে (Jeweler owner on theft incident) ৷

জুৱেলাৰীৰ বিপণিখনত দিনত গ্ৰাহকৰ ৰূপত অহা এগৰাকী মহিলাই প্ৰায় ১৫-২০ মিনিট সময় গহনা চোৱাৰ চলেৰে দোকানখনৰ পৰা এযোৰ সোনৰ কাণফুলি চুৰি কৰি উধাও হয় ৷ কিন্তু মহিলাগৰাকীৰ এই কু-কাৰ্যৰ সম্পূৰ্ণ দৃশ্য দোকানখনৰ CCTV কেমেৰাত বন্দী হয় ( theft incident recorded in cctv at Doomdooma) ৷

পৰৱৰ্তী সময়ত দোকানখনৰ গৰাকীয়ে ডুমডুমা আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীয়ে তিনিদিনৰ ভিতৰত চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ কথা কৈছিল যদিও বৰ্তমানলৈকে আৰক্ষীয়ে মহিলাগৰাকীৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিব দিয়ে ৷ আনহাতে, জুৱেলাৰীখনৰ গৰাকীয়ে মহিলাগৰাকীক যিকোনো প্ৰকাৰে ফুলিযোৰ ঘূৰাই দিবলৈ আহ্বান জনাইছে ৷ অন্যথা বিহিত ব্যৱস্থা ল’বলৈ বাধ্য হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Theft at Basistha : ৰাইজে ধৰি দিয়া চোৰক আনিবলৈ বশিষ্ঠ আৰক্ষীক সময় লাগিল দুঘণ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.