ETV Bharat / state

তিনিচুকীয়াত চুলাই ঘাটি উচ্ছেদ - তিনিচুকীয়া আৰক্ষী

বৃহস্পতিবাৰে তিনিচুকীয়াৰ গুইজান, নতুনগাঁও, গটং আৰু কলিয়াপানী গাঁৱত অভিযান চলাই কেইবাটাও চুলাই ঘাটি ধংস কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে 25 হাজাৰ লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় ৷

liquor busted
চুলাই ঘাটি উচ্ছেদ
author img

By

Published : Jun 3, 2021, 9:42 PM IST

তিনিচুকীয়া, 3 জুন : তিনিচুকীয়াত মাদক দ্ৰব্যৰ ওপৰত কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন । বৃহস্পতিবাৰে প্ৰতিকুল বতৰকো নেওচি জিলাখনৰ গুইজান, নতুনগাঁও, গটং আৰু কলিয়াপানী গাঁৱত আৰক্ষীয়ে অভিযান চলাই কেইবাটাও চুলাই ঘাটি ধংস কৰাৰ লগতে 25 হাজাৰ লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় ৷

liquor busted
চুলাই ঘাটি উচ্ছেদ

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যত আংশিক লক ডাউনৰ সুযোগ লৈ অবৈধভাৱে চলাই থকা ড্ৰাগছ, কানি, ভাং, চুলাই মদৰ ঘাটিসমূহ উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । তিনিচুকীয়া সদৰ আৰক্ষীৰ টিআছআই ভাস্কৰজ্যোতি ফুকনৰ নেতৃত্বত চলিছিল এই অভিযান ।

liquor busted
চুলাই ঘাটি উচ্ছেদ

আনহাতে, বাণিজ্য নগৰ তিনিচুকীয়াত আংশিক লক ডাউনৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই আৰক্ষীৰ চকুত ধূলি দি ব্যৱসায় চলাই নিয়া বুলি জানিব পৰা গৈছে ৷ এই অসাধু চক্ৰক নাকী লগাবলৈ আৰক্ষী সফল হ’বনে নাই, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.