তিনিচুকীয়া, 3 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত বৃহস্পতিবাৰে চোৰাংবাৱে সৰবৰাহ কৰা এখন গৰু ভৰ্তি বাহন জব্দ কৰা হয় ৷ জব্দকৃত বাহনখনৰ নম্বৰ AS-23CC-3865 ৷ বৰ্তমান গৰু ভৰ্তি বাহনখন কাকপথাৰ থানাৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগৰ আলফাৰ যুদ্ধ বিৰতি গোটৰ শিবিৰৰ গাতে লাগি থকা আৰক্ষী শিবিৰৰ চৌহদত ৰাখি তদন্ত আৰম্ভ কৰিছে ৷
ইফালে, জব্দকৃত বাহনখনৰ হেণ্ডিমেনজনে উক্ত অঞ্চলৰে প্ৰায়েই চোৰাংভাৱে গৰুৰ সৰবৰাহ হৈ থাকে বুলি মন্তব্য প্ৰদান কৰিছে ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত বিভিন্ন ধৰণৰ অবৈধ কাম কাজ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷
লগতে পঢ়ক : সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ