তিনিচুকীয়া, 4 আগষ্ট: ভুৱা আধাৰ কাৰ্ড বনাই তিনিচুকীয়াত আটক হ'ল চাৰিজনকৈ লোক ৷ বুধবাৰে তিনিচুকীয়াত আৰক্ষীয়ে ভুৱা আধাৰ কাৰ্ড বনোৱা এটা কেন্দ্ৰ জব্দ কৰাৰ লগতে ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ অভিযোগত চাৰিজন লোকক আটক কৰে ৷ তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত ব্ৰহ্মাজানত আৰক্ষীয়ে ভুৱা আধাৰ কাৰ্ড বনোৱা চেন্টাৰটো জব্দ কৰে ৷
অভিযোগ অনুসৰি, ব্ৰহ্মাজান তিনিআলিৰ ৰাধেশ্যাম শ্বাহৰ পঞ্জাৱ নেশ্যনেল বেংকৰ চিএছপিত অবৈধভাৱে ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কেন্দ্ৰটো চলাই থকা হৈছিল ৷ মাৰ্ঘেৰিটাৰ ন্যায়িক দণ্ডাধীশ সিদ্ধাৰ্থ সোণোৱাল আৰু পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীকুমাৰ নেওগৰ সহযোগত এক অভিযান চলাই আৰক্ষীয়ে চেণ্টাৰটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰে জড়িত থকাৰ অভিযোগত লোক চাৰিজনক আটক কৰে ৷
আটকাধীন লোক কেইজন ক্ৰমে ধেমাজিৰ ভৰালী চুকৰ দেৱৰঞ্জন বৰা (27), ব্ৰহ্মজান তিনিআলিৰ ৰাধেশ্যম শ্বাহ (28), জাগুনৰ ৰামনগৰৰ মনোৰঞ্জন চেতিয়া(32) আৰু বিপুল দত্ত বুলি জানিব পৰা গৈছে ৷ আটকাধীন আটাইকেইজনকে বৰ্তমান পেঙেৰী থানাত জেৰা চলাই থকা হৈছে ৷
লগতে পঢ়ক: গাহৰি বাবেই সংঘটিত হ’ল হত্যাকাণ্ড