বৰডুমচা,৯ জুলাই: অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ লগতে ইয়াৰ নিকতৱৰ্তী অঞ্চল সমূহত দিনক-দিনে ব্যপক হাৰত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰিছে। যোৱা দেওবাৰে ড্ৰাগছ আসক্ত স্বামী আৰু শাহুৱে মিলি এগৰাকী বোৱাৰীক হত্যা কৰাৰ ঘটনা মাৰ নৌযাওতেই মঙলবাৰে বৰডুমচাৰ এখন মাছ বজাৰৰ পৰা বৃহৎ মূল্যৰ ড্ৰাগছসহ দুজন লোকক আটক কৰা হয়। বৰডুমচা আৰক্ষী আৰু ডিগবৈৰ আবকাৰী বিভাগে লোক দুজনক আটক কৰে।
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ddm-802-8july-drugs-photo7-bhaskar-dahal-asc10048_09072019124842_0907f_1562656722_413.jpg)
আটকাধীন দুয়ো বৰডুমচাৰ ১নং মহং গাঁৱৰ কংগ্ৰেছ মৰাণ আৰু ৰঞ্জিতা মৰাণ বুলি জানিব পৰা গৈছে। ড্ৰাগছখিনি বৰডুমচাৰ এখন মাছ বজাৰত বিক্ৰীৰ বাবে আনিছিল তেওঁলোকে। ডিগবৈ আবকাৰী আৰু বৰডুমচা আৰক্ষীয়ে আটকাধীন লোকদ্বয়ৰ পৰা ২৬ টাকৈ ড্ৰাগছৰ পেকেট উদ্ধাৰ কৰিছে ।