ETV Bharat / state

পেঙেৰীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ - পেঙেৰী বনাঞ্চল

পেঙেৰীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে এটা বাসগৃহ ৷ শনিবাৰে নিশা পেঙেৰী বনাঞ্চলৰ ৰজাআলিৰ খাটাং পানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে সংঘটিত হয় এই কাণ্ড ৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিষয়া উপস্থিত হৈ ৰাইজৰ সহযোগত হাতীটো বনাঞ্চললৈ পঠিয়াই যদিও বৰ্তমানেও শংকিত স্থানীয় ৷

পেঙেৰী
পেঙেৰীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ
author img

By

Published : Mar 29, 2020, 6:02 PM IST

তিনিচুকীয়া, 29 মাৰ্চঃ তিনিচুকীয়াৰ পেঙেৰীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে এটা বাসগৃহ ৷ শনিবাৰে নিশা পেঙেৰী বনাঞ্চলৰ ৰজাআলিৰ খাটাং পানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে গাৰা লাইনৰ চুকলাল চাহু নামৰ ব্যক্তিজনৰ বাসগৃহটি বনৰীয়া হাতীয়ে ভাঙি তহিলং কৰাক লৈ সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

ঘটনা সংঘটিত হোৱাৰ পাচত স্থানীয় ৰাইজে পেঙেৰী আৰক্ষীক লগতে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ বাসগৃহ তহলিং কৰা হাতীটোক বন বিভাগ আৰু ৰাইজৰ সহযোগত জংঘললৈ খেদি পঠিয়াবলৈ সক্ষম হয় । আনহাতে, পেঙেৰী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণ প্ৰাণ যোৱা লোকসকলৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে বন বিভাগৰ তৰফৰ পৰা নিৰাপত্তা আৰু ক্ষতিপূৰণ প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক পেঙেৰীৰ স্থানীয় দল সংগঠনে দাবী জনায় ৷

পেঙেৰীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ

উল্লেখ্য যে, পেঙেৰী অঞ্চলত বনৰীয়া হাতীয়ে প্ৰায়ে জনাঞ্চললৈ খাদ্যৰ সন্ধানত উলাই আহি ঘৰ বাৰী ভাঙি লণ্ডভণ্ড কৰা এইয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও বহু দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভাঙি তহলিং কৰাৰ বিপৰীতে বহুসংখ্যক স্থানীয়ই বৰ্তমানেও শংকিত পৰিৱেশত দিন কটাই আহিছে ৷

আৰু পঢ়কঃ প্ৰশাসনলৈ বিশেষ আহ্বান জীয়াঢল আঞ্চলিক ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.