ETV Bharat / state

ৰাজ্যত শীঘ্ৰে নিযুক্তি দিয়া হ’ব 450 জন চিকিৎসক

author img

By

Published : May 31, 2021, 7:59 PM IST

তিনিচুকীয়া জিলাত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

health minister visit tinsukia medical college
ৰাজ্যত শীঘ্ৰে 450 জন চিকিৎসকক নিযুক্তি দিয়া হ’ব: স্বাস্থ্যমন্ত্ৰী

তিনিচুকীয়া, 31 মে’ : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোমবাৰে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ৷ মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ সৈতে প্ৰায় 3 ঘন্টাজোৰা এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

বৈঠকত তিনিচুকীয়া জিলাত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে ৰাজ্যত চিকিৎসকৰ অভাৱ দূৰ কৰাৰ বাবে নতুনকৈ 450 জন চিকিৎসকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

শীঘ্ৰে এই চিকিৎসকসকলৰ নিযুক্তিৰ ব্যৱস্থা কৰিব চৰকাৰে ৷ ইয়াৰ লগতে চিকিৎসালয়খনত পেডিয়াট্ৰিক আই চি ইউ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অসমত জুন মাহৰ পৰা ভেনচিন সংখ্যা বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ চিকিৎসালয়খনত প্ৰয়োজন হ’লে আই চি ইউ বেডৰ সংখ্যা বৃদ্ধি কৰা হ‘ব বুলি উল্লেখ কৰে ৷ আনহাতে অক্সিজেনৰ অভাৱত যাতে এজনো লোকৰ মৃত্যু নহয়, তাৰবাবে বিশেষ দৃষ্টি ৰখাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.