ETV Bharat / state

ডিৰাকৰ ভাৰতীয় সেনা বাহিনীৰ শিৱিৰৰ সন্মুখত কোনে নিক্ষেপ কৰিছিল গ্ৰেণেড ? - আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি ভাৰতীয় সেনা বাহিনীৰ শিৱিৰৰ সমীপতে গ্ৰেণেড বিস্ফোৰণ ঘটনা সংঘটিত হোৱাৰ পিচতে জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে সমগ্ৰ অঞ্চলটোত অভিযান আৰম্ভ কৰে ৷

grenade blasgrenade blas
ডিৰাকৰ ভাৰতীয় সেনা বাহিনীৰ শিৱিৰৰ সন্মুখত কোনে নিক্ষেপ কৰিছিল গ্ৰেণেড ?
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 11:34 AM IST

ডিৰাকৰ ভাৰতীয় সেনা বাহিনীৰ শিৱিৰৰ সন্মুখত কোনে নিক্ষেপ কৰিছিল গ্ৰেণেড ?

তিনিচুকীয়া, ২৩ নৱেম্বৰ: বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি ভাৰতীয় সেনা বাহিনীৰ শিৱিৰলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গ্ৰেণেড নিক্ষেপ কৰে ৷ মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেণেডটো ৷ সৌভাগ্যক্ৰমে সেনা বাহিনীৰ শিৱিৰৰ কাষত পৰি বিস্ফোৰিত হয় গ্ৰেণেডটো ৷ গ্ৰেনেডটো বিস্ফোৰণটোত কোনো লোক হতাহত হোৱা নাই ৷

এই ঘটনাৰ পিচতে জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে সমগ্ৰ অঞ্চলটোত অভিযান আৰম্ভ কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি, সেনা বাহিনীৰ চাউনীলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰিছিল যদিও শিৱিৰত সেনা এলাৰ্ট থকাৰ বাবে কাষতে পেলাই থৈ যায় ৷ ইতিমধ্যে চৌদিশে আৰক্ষীয়ে তন্নকৈ অভিযান চলোৱাৰ লগতে দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে ৷ আৰক্ষীয়ে ঘটনাস্থলীত চিচিটিভি ফুটেজ পাই নেকি তাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, এই ঘটনাৰ পিচতে সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি দিয়া হৈছে ৷

এই ঘটনাৰ সৈতে কোন লোক জড়িত আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ কিন্তু আলফা স্বাধীনৰ তৰফৰ পৰা এতিয়ালৈ এই ঘটনা সংঘটিত কৰাৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, এখন মটৰ চাইকেল পাৰ হৈ যোৱা শব্দ শুনাৰ পাচতেই বিকট শব্দৰে গ্ৰেণেডটো বিস্ফোৰিত হয় ৷

লগতে পঢ়ক: ডিৰাকত ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.