তিনিচুকীয়া, ১৪ নৱেম্বৰ: আজি শিশু দিৱসৰ দিনটোতেই তিনিচুকীয়াৰ ইটাখুলি অর্গেনিক প্রডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত আৰু পৰমানন্দ জাতীয় বিদ্যালয়ৰ সহযোগত থলুৱা কৃষকসকলে উৎপাদন কৰা ফক্সটেইল মিলেট বা কণীধানৰ বিক্ৰী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । পৰমানন্দ জাতীয় বিদ্যালয় প্ৰাংগনত এখন সভাত পদ্মশ্ৰী দুলাল মানকিয়ে ফক্সটেইল মিলেট বা কণীধানৰ বিক্ৰীৰ মুকলি কৰে ।
উল্লেখ্য় যে ৰাজ্যৰ শিশু আৰু জনসাধাৰণৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আৰম্ভ কৰা অসম মিলেট মিছনৰ অধীনত উজনি অসমত প্ৰথমটো থলুৱাভাৱে উৎপাদিত মিলেটৰ আনুষ্ঠানিক বিক্ৰীৰ উদ্যোগ তিনিচুকীয়াত উদ্বোধন কৰা হয় । তিনিচুকীয়াৰ বিশিষ্ট কবি অৰুণজ্যোতি তাঁতীয়ে আঁত ধৰা সভাখনত কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি বিষয়া পংকজ গগৈ উপস্থিত থাকে । উক্ত সভাত ব্যৱসায়ী ৰাজৰ্শী গগৈ, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে মিলেটৰ উপকাৰিতা আৰু ব্যৱসায়িক লাভালাভৰ বিষয়ে বক্তব্য আগবঢ়ায় ।
থলুৱা কৃষকসকলে উৎপাদন কৰা ফক্সটেইল মিলেট বা কণীধানৰ মুকলি অনুষ্ঠানত ইটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ পৰিচালন সঞ্চালক সুশীল শইকীয়াই কয় যে আজিৰ পৰা তিনিচুকীয়াৰ বজাৰত উপলবদ্ধ হ'ল ফক্সটেইল মিলেট বা কণীধানৰ চাউলৰ ডেৰ কেজি আৰু ৩০০ গ্ৰামৰ পেকেট । এইসমূহ অসম মিলেট মিছনৰ অধীনত ইটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ কৃষক উৎপাদক কোম্পানীটোৰ কৃষক সকলে সম্পূৰ্ণ থলুৱা ভাৱে উৎপাদন কৰা কণীধানৰ পেকেট ৷ 'জাপি মিলেট' নামেৰে কণীধানৰ পেকেট বিক্ৰীৰ বাবে আজি মুকলি কৰা হয় । ডেৰ কেজি পেকেটৰ মূল্য ৩৭৫ টকাৰ বিপৰীতে ৩০০ গ্ৰামৰ পেকেটৰ মূল্য ৮০ টকা নিৰ্ধাৰণ কৰা হৈছে ।
লগতে পঢ়ক:Post diwali pollution in Guwahati:পোহৰৰ উৎসৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নমাই আনিব নেকি অমানিশা?