তিনিচুকীয়া, 25 ফেব্ৰুৱাৰী : গুৱাহাটীত অনুষ্ঠিত Mr & Mrs Assam 2022 ৰ Body Building & Fitness Championship অংশলৈ তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা 7 গৰাকী খেলুৱৈক বুধবাৰে তিনিচুকীয়া জিলা বডী বিল্ডিং আৰু ফিটনেছ এছ’চিয়েচনৰ তৰফৰ পৰা সন্মান জনোৱা হয় ৷ ১২ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল Mr & Mrs Assam 2022 ৰ Body Building & Fitness Championship ৷ এই প্ৰতিযোগিতাখনত সমগ্ৰ অসমৰ ভিতৰত তিনিচুকীয়া জিলাৰ পৰা সৰ্বাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ।
প্ৰতিযোগিতাখনত তিনিচুকীয়া জিলাৰ পৰা মুঠ ১৬ গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰে ৭ গৰাকী খেলুৱৈয়ে পুৰস্কাৰ লাভ কৰি তিনিচুকীয়াবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । খেলুৱৈসকল গৃহ চহৰ তিনিচুকীয়ালৈ অহাৰ পাছত বুধবাৰে দেৱীপুখুৰীৰ সমীপত তেওঁলোকক তিনিচুকীয়া জিলা বডী বিল্ডিং আৰু ফিটনেছ এছ’চিয়েচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।
Mr & Mrs Assam 2022 ত তিনিচুকীয়া জিলাৰ পৰা পদক লাভ কৰা খেলুৱৈসকল হৈছে ক্ৰমে সুকুমল দেৱ পঞ্চম স্থান(মাষ্টাৰ), মামনি দাস দ্বিতীয় স্থান(মহিলা শৰীৰ চৰ্চা 55 কিগ্ৰা), ৰনি দাস তৃতীয় স্থান(শাৰীৰিক গঠন), প্ৰাণজ্যোতি বৰা চতুৰ্থ স্থান(শাৰীৰিক গঠন), দীপক চক্ৰৱৰ্তী চতুৰ্থ স্থান(শৰীৰ চৰ্চা 65 কিগ্ৰা) আৰু অমিত দেৱ পঞ্চম স্থান (শাৰীৰিক গঠন) ৷
লগতে পঢ়ক : কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !