শদিয়া,১১ মাাৰ্চ: তিনিচুকীয়াত প্ৰশংসনীয় পদক্ষেপ । সমগ্ৰ শিক্ষা অভিযান, অসম তিনিচুকীয়া জিলাৰ সৌজন্যত, কাকপথাৰ খণ্ড মিচন সমন্বয়ক ও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত শিক্ষাৰ অধিকাৰ আইন ২০০৯(Right to Education Act, 2009) অনুসৰি ভৱিষ্যত প্ৰজন্মক সুস্থ আৰু সবল তথা সু-নাগৰিক হিচাপে গঢ় দিয়াৰ স্বাৰ্থত গুণগত শিক্ষাৰ জৰিয়তে প্ৰতিখন বিদ্যালয়ক সৰ্বাংগসুন্দৰ আৰু শ্ৰেষ্ঠ হিচাপে গঢ় দিয়া প্ৰাথমিক শিক্ষা খণ্ডটোৰ অন্তৰ্গত ৩৮ খন শ্ৰেষ্ঠ হিচাপে বিবেচিত বিদ্যালয়ৰ পৰিচালনা সমিতি তথা মাতৃগোটক আজি কাকপথাৰত সম্বৰ্ধনা জনোৱা হয় (Felicitation to school management committees and mother groups) ৷
কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাকপথাৰ শিক্ষা খণ্ড বিষয়া মানসী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুঠ ৩৮খন বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোটক সম্বৰ্ধনা আৰু মানপত্ৰ, ফুলাম গামোচা প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত "ৱাক' ইণ্ডিয়া নেচনেল কিকবক্সিং চেম্পিয়নশ্বিপ ২০২১(Wako India National Kick Boxing Championship 2021) ত হেভীৱেইট কেটেগৰীত স্বৰ্ণপদক লাভ কৰা খেলুৱৈ প্ৰাথমিক খণ্ডটোৰ সমন্বয়ক জেমছ্ গোহাঁইকো সম্বৰ্ধনা জ্ঞাপন কৰে ৷
উল্লেখ্য যে ক'ভিডকালীন পৰিস্থিতিত বটাঁ প্ৰাপ্ত বিদ্যালয়সমূহৰ পৰিচালনা সমিতি তথা মাতৃগোটে লোৱা উল্লেখযোগ্য ভূমিকাৰ ফলত শিক্ষাখণ্ডটোৰ অধীনস্থ বিদ্যালয়ৰ শৈক্ষিক দিশত যথেষ্ট আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে ৷ অনুষ্ঠানত সমগ্ৰ শিক্ষাৰ তিনিচুকীয়া জিলাৰ জিলা আঁচনি বিষয়া ত্ৰিদীপ শৰ্মা তামুলী, ৰঙাজান জিলা পৰিষদৰ সদস্যা ৰশ্মিৰেখা দহোতীয়া, কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিমল বুঢ়াগোহাঁইকে ধৰি প্ৰাথমিক শিক্ষা খণ্ডটোৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে ৷
লগতে পঢ়ক: Heroin seized in Bongaigaon: মাণিকপুৰত ড্ৰাগছ সৰবৰাহকাৰী আটক