ETV Bharat / state

তিনিচুকীয়াৰ বেতনিত আটক তথাকথিত সাংবাদিক

তিনিচুকীয়াৰ মাকুমৰ বেতনিত বুধবাৰে কানি সেৱন কৰি থাকোতেই আটক ফেচবুক পেজৰ এজন সাংবাদিক সহ আন এজন যুৱক ৷ আটকাধীন দুয়োজনে প্ৰায়ে তিনিচুকীয়াৰ পৰা মাকুমৰ বেতনিলৈ কানি সেৱন কৰিবলৈ যোৱা বুলি স্বীকাৰ কৰে ৷

author img

By

Published : Jun 2, 2021, 10:13 PM IST

fake-reporter-arrested
ভুৱা সাংবাদিক আটক

তিনিচুকীয়া, ডিগবৈ, 2 জুন : তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত মাকুমৰ বেতনিত বুধবাৰে কানি সেৱন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে আটক কৰে ফেচবুক পেজৰ এজন ভুৱা সাংবাদিক সহ অন্য় এজন যুৱকক ৷ এটা ফেচবুক সংবাদ পেজৰ সাংবাদিকৰূপে পৰিচয় দিয়া আনন্দ নগৰৰ সুমন কৰ (24) আৰু চুতীয়া বস্তিৰ নিবাসী ৰকি বাছফ’ৰ(22)ক আটক কৰা হয় ৷

আটকাধীন যুৱকদ্বয়ৰ স্বীকাৰোক্তি অনুসৰি, তিনিচুকীয়াৰ পৰা মাকুমৰ বেতনিলৈ কানি সেৱন কৰিবলৈ প্ৰায়ে গৈছিল এই ভুৱা সাংবাদিকজন আৰু যুৱকজন ৷ ভুৱা সাংবাদিকজনৰ সৈতে প্ৰেছ লিখা A-AS-23G-4983 নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰে স্থানীয় ৰাইজে ৷

ভুৱা সাংবাদিক আটক

স্থানীয় ৰাইজ আৰু যুৱক সংঘৰ তৎপৰতাত কানি সেৱন কৰি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ব কৰি ডিগবৈ আৰক্ষীৰ হাতত গতাই দিয়া হয় ভুৱা সাংবাদিক আৰু যুৱকজনক ৷ আটকাধীন সাংবাদিক সুমন কৰে জানিব দিয়া অনুসৰি, ফেচবুক পেজটোৰ গৰাকী ফিল’বাৰীৰ আৰিয়ন শইকীয়া নামৰ লোকজনৰ ৷

নীতি বহিৰ্ভূতভাৱে সাংবাদিকক কৰ্তৃপক্ষই প্ৰেছ কাৰ্ড প্ৰদান কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কালিমা সানিছে বুলি মন্তব্য কৰে সচেতন মহলে ৷ যুৱকদ্বয়ক আৰক্ষী থানালৈ লৈ গৈ উক্ত অঞ্চলত কানি ব্যৱসায়ৰ লগত আৰু কোন কোন জড়িত হৈ আছে, এই সন্দৰ্ভত সোধ-পোচ অব্যাহত ৰাখিছে ডিগবৈ আৰক্ষীয়ে ৷

লগতে পঢ়ক : কামপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.