ETV Bharat / state

Flood in Sadiya: বানপীড়িতৰ বতৰা ল’লে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই - Embankment in Sadiya

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাঢ়নি পানীয়ে বুৰাইছে শদিয়া সমষ্টিৰ বিভিন্ন অঞ্চল ৷ শনিবাৰে বিভিন্ন অঞ্চলসমূহ পৰিদৰ্শন কৰে প্ৰাক্তন মন্ত্ৰী তথা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই (Ex Minister Jagadish Bhuyan) ৷ সমষ্টিটোৰ অন্তৰ্গত বহুকেইটা মথাউৰিৰ মেৰামতিৰ নামত বিগত 20 বছৰে দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ তুলিলে নেতাগৰাকীয়ে ৷

Flood in Sadiya: বানপীড়িতৰ বতৰা ল’লে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই

author img

By

Published : Jun 18, 2022, 4:48 PM IST

শদিয়া, 18 জুন: বছৰৰ দ্বিতীয়টো বানে বুৰাইছে ৰাজ্যৰ ভিন্ন প্ৰান্ত (Assam flood situation)৷ বিগত কেইবাদিনো ধৰি দিয়া হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীত প্লাবিত হৈছে কেইবাখনো জিলা ৷ সমন্তৰালভাৱে বানে সংহাৰী ৰূপ লৈছে তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিতো (Flood in Sadia) ৷

শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰীৰ লাউপাতি, ফুলবাৰী ইত্যাদি অঞ্চলসমূহত বাঢ়নি পানীয়ে ব্যাপক ক্ষতি সাধন কৰিছে ৷ বিগত তিনিদিন ধৰি প্লাৱিত হৈ থকা অঞ্চলকেইটা শনিবাৰে পৰিদৰ্শন কৰে প্ৰাক্তন বিধায়ক তথা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই (AJP General secretary)৷

Flood in Sadiya: বানপীড়িতৰ বতৰা ল’লে প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই

অঞ্চলকেইটা পৰিদৰ্শন কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে(Ex Minister Jagadish Bhuyan) বান সাহাৰ্য, উদ্ধাৰ অভিযান আদিৰ ক্ষেত্ৰত হেমাহি নকৰিবলৈ চৰকাৰক দাবী জনায় ৷ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চৰম ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে ভূঞাই ৷

আনহাতে সমষ্টিটোৰ অন্তৰ্গত হাতীঘুলি-চুমনি মথাউৰিৰ(Embankment in Sadiya) নামত আবন্টন হোৱা কোটি কোটি টকাৰ লুণ্ঠনৰ অভিযোগ তুলি বিষয়টো তদন্তৰ দবী জনায় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: ৰাজ্যত বানৰ বিভীষিকা অব্যাহত: ২৮ জিলাৰ ৮৪,৩৪৩১ লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.