ETV Bharat / state

Ethanol blending at Digboi : ডিগবৈ শোধনাগাৰত আৰম্ভ হৈছে ইথান'লযুক্ত পেট্ৰ'ল উৎপাদনৰ কাম - IOCL social responsibility scheme in Assam

ডিগবৈ শোধনাগাৰে ইথান'লযুক্ত পেট্ৰল উৎপাদন ইতিমধ্যে আৰম্ভ কৰিছে (Ethanol blending at Digboi refinery)। শনিবাৰে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ বিষয়াসকলে । তেল নিগমৰ সামাজিক দ্বায়বদ্ধতা আঁচনিৰ বিষয়েও উল্লেখ কৰে বিষয়াসকলে ।

Ethanol blending at Digboi
ডিগবৈ শোধনাগাৰত আৰম্ভ হৈছে ইথান'লযুক্ত পেট্ৰ'ল উৎপাদনৰ কাম
author img

By

Published : Feb 25, 2023, 9:32 PM IST

ডিগবৈ শোধনাগাৰত আৰম্ভ হৈছে ইথান'লযুক্ত পেট্ৰ'ল উৎপাদনৰ কাম

তিনিচুকীয়া,২৫ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ ডিগবৈ শোধনাগাৰে ইথান'লযুক্ত পেট্ৰল উৎপাদনৰ কাম আৰম্ভ কৰিছে (Ethanol blending at Digboi refinery)। শনিবাৰে ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ গোল্ডেন জুবিলী কমপ্লেক্সৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত এই কথা অৱগত কৰে অসম তেল সংমণ্ডল কতৃপক্ষই । ডিগবৈ শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক (টেকনিকেল ছাৰ্ভিচ) সুশান্ত কুমাৰ দাস, মহাপ্ৰৱন্ধক ধনজিৎ বৈশ্য আৰু মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক কমল বসুমতাৰীয়ে সম্বোধন কৰা সংবাদমেলত ইথান'ল যুক্ত পেট্ৰল উৎপাদনৰ বিষয়ে অৱগত কৰা হয় ।

কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়া ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা ১ মেট্ৰিক টনলৈ বৃদ্ধি কৰা প্ৰাৰম্ভিক কাম কাজো আৰম্ভ হৈছে বুলি উল্লেখ কৰে । ইফালে ২০২৫ চনৰ পৰা ডিগবৈ শোধনাগাৰৰ ক্ষমতা ১ মিলিয়ন মেট্ৰিক টন বৰ্দ্ধিত শোধন ক্ষমতাৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও সংবাদমেলত উল্লেখ কৰা হয় । ইয়াৰ বাবে ব্যয় প্ৰায় ৭৪০ কোটি টকা হ'ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে (IOCL press conference in Digboi)।

সংবাদমেলত ডিগবৈ শোধনাগাৰে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত বিগত সময়বোৰত কৰা কাম কাজৰ খতিয়ান দাঙি ধৰা হয় (Social responsibility scheme of IOCL)। ডিগবৈ শোধনাগাৰক বিভিন্ন বিভাগৰ বিষয়া, এঅ'চি লেবাৰ ইউনিয়নৰ সভাপতি মুখেশ্বৰ দাস, উপ-সভাপতি ৰাজেন চুতীয়া তথা ডিগবৈৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰা সংবাদমেলখন বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াৰ দ্বাৰা ৰচিত আৰু জুবিন গাৰ্গে কণ্ঠদান কৰা ডিগবৈ পনীয়া সোণৰ গীতটোৰে শুভাৰম্ভ কৰা হয় ।

নিগমৰ জ্যেষ্ঠ প্ৰৱন্ধক অনুপম তালুকদাৰ আৰু মুখ্য প্ৰৱন্ধক কমলজিৎ মেধিয়ে সামাজিক দ্বায়বদ্ধতা আঁচনিৰ জৰিয়তে ডিগবৈ শোধনাগাৰৰ ৫০ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ এলেকাত গ্ৰহণ কৰি অহা বিভিন্ন কৰ্মৰ খতিয়ান দাঙি ধৰে (IOCL social responsibility scheme in Assam)।

বিভিন্ন আঁচনিৰ ভিতৰত আছে ডিগবৈ নগৰ পালিকাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডত ৬৫ লাখ টকাৰে ষ্ট্ৰীট লাইট স্থাপন, দাঁতি কাষৰীয়া বিদ্যালয়লৈ ডেক্স-বেঞ্চৰ যোগান, বিদ্যালয়লৈ কম্পিউটাৰ প্ৰিণ্টাৰ আৰু যাৱতীয় সামগ্ৰী প্ৰদান, ডিগবৈ মহাবিদ্যালয়লৈ খোৱাপানী আঁচনি, ডিগবৈ সমষ্টিৰ দুখন পঞ্চায়তত ৮ টা বায়' টয়লেট নিৰ্মাণ ।

ইফালে ২০ গৰাকী বিধৱা মহিলাক স্ব-নিৰ্ভৰশীল হ'ব পৰাকৈ চিলাই প্ৰশিক্ষণ আৰু মেচিনৰ যোগান, ডিগবৈ আৰু মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ দুখনকৈ অত্যাধুনিক সুবিধাযুক্ত এম্বুলেঞ্চ প্ৰদান, ডিগবৈ অসামৰিক চিকিৎসালয়লৈ ইচিজি মেচিন, বিশুদ্ধ খোৱাপানী যোগান, গ্ৰামাঞ্চল উন্নয়ন, সৰ্বে সন্তো নিৰাময় আঁচনিৰ অন্তৰ্গত পিছপৰা অঞ্চলত স্বাস্থ্য শিৱিৰৰ জৰিয়তে দৰিদ্ৰ লোকক স্বাস্থ্য সেৱা প্ৰদান আদি বহু আঁচনি ৰূপায়ণ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Basundhara Tea : জৈৱিক চাহ উৎপাদনেৰে বিশ্বজুৰি চৰ্চা বসুন্ধৰা চাহ উদ্যোগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.