ডুমডুমা,15 মে’: বৃহত্তৰ ডুমডুমাৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা অবৈধ ড্ৰাগছ আৰু গাঞ্জাৰ ৰমৰমীয়া বেহা চলি থকাৰ গুৰুতৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে । শনিবাৰে এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ডুমডুমাৰ হাঁহচ’ৰা মুলানপথাৰত আৰক্ষীৰ এটা দলে চাৰিটাকৈ ড্ৰাগছ-গাঞ্জা সেৱন কৰা যুৱকক হাতে-লোটে কৰায়ক্ত কৰিবলৈ সক্ষম হয় যদিও দুজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ডুমডুমা আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱককেইজন ক্ৰমে মতি খান, ৰাহুল চাহু, উজ্জ্বল মণ্ডল আৰু প্ৰেম চাহানী বুলি জানিবলৈ দিছে । যুৱক কেইজনৰ পৰা আৰক্ষীয়ে গাঞ্জাৰ কেইবাটাও পেকেট উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ আৰু গাঞ্জা সেৱনত ব্যৱহৃত সামগ্ৰী আৰু দুখনকৈ স্কুটী জব্দ কৰিবলৈ সক্ষম হয় । তদুপৰি পলাতক অৱস্থাত থকা যুৱক দুজনৰ বিচাৰ-খোচাৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: লাঠিৰে কোবাই কোবাই নৃশংসভাৱে হত্যা যুৱকক