ডুমডুমা,4 জানুৱাৰী : তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত বিজুলীবন আৰক্ষী চকীত দেওবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ফিল’বাৰী মইলাপুঙ গাঁৱৰ অনন্ত দাং (ঐৰাম) নামৰ এজন যুৱকে ৰাজপথত গাড়ী ৰখাই (ন-পাৰকিং) বেৰিকেড ভাঙি দুগৰাকী কৰ্তব্যৰত আৰক্ষী জোৱানক প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে বিজুলীবনৰ আৰক্ষী দলটোৱে ।
ঘটনা সন্দৰ্ভত পেঙেৰী আৰক্ষী থানাৰ বিষয়া শ্ৰীকুমাৰ নেওগলৈ ফোনযোগে অভিযোগ উত্থাপন কৰে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰে ।
জানিব পৰা মতে, অনন্ত দাং নামৰ যুৱকজনে নিজৰ A-AS-23N-5705 নম্বৰৰ বাহনেৰে অবৈধভাৱে সুৰা কঢ়িয়াই নিছিল । যুৱকজনক বাধা দিবলৈ যাঁওতে কৰ্তব্যৰত আৰক্ষী জোৱান দুগৰাকীক প্ৰহাৰ কৰাত আঘাতপ্ৰাপ্ত হয় ।
আহত দুয়োগৰাকী জোৱানক ফিল’বাৰী মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । উল্লেখ্য যে, কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা অভিযুক্ত অনন্ত দাংয়ে বহুদিনৰ পৰা ফিল’বাৰীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন গাঁৱত অৰুণাচলী সুৰা যোগান ধৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
লগতে পঢ়ক : ছয়গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত মৃতদেহ উদ্ধাৰ